কাছাৰত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ

কাছাৰত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা। গোপন তথ্যৰ ভিত্তিত ধলাই আৰক্ষীয়ে অভিযান চলাই দেওবাৰে বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰিছে। চলাই থানাৰ অন্তৰ্গত মিজোৰাম সীমান্তৱৰ্তী কৰ্কট বস্তিত অভিযান চলাই আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

তালাচী চলাই আৰক্ষীয়ে ২২ পেকেট ব্ৰাউন চুগাৰ জব্দ কৰিছে । পেকেট কেইটাৰ পৰা মুঠ ২৭০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা হয় । জব্দ কৰা হেৰ''ইনৰ মূল্য কেবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। ইফালে ব্ৰাউন চুগাৰ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰামফাংগ লিয়ান মাৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক। ৰামফাংগ লিয়ান মাৰৰ ঘৰ জিৰিঘাটৰ লোৱাৰ লবনখালত বুলি সদৰি কৰিছে আৰক্ষীয়ে।

কাছাৰত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ
জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত দৌল মহোৎসৱৰ আৰম্ভণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in