জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত দৌল মহোৎসৱৰ আৰম্ভণি

জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত দৌল মহোৎসৱৰ আৰম্ভণি

ডিজিটেল সংবাদ, বেবেজীয়াঃ ৰাজ্যবাসীয়ে পবিত্ৰ দৌল-মহোৎসৱৰ আনন্দ উল্লাসত বিলীন হৈ পৰাৰ সমান্তৰালভাৱে নগাঁও জিলাৰ বেবেজীয়া নিকটৱৰ্তী ইতিহাস প্ৰসিদ্ধ জামুগুৰিস্থিত সাৰ্বজনীন গৰখীয়া থানতো দেওবাৰৰ পৰা অতি আড়ম্বৰপূৰ্ণভাৱে দৌল মহোৎসৱৰ আৰম্ভণি ঘটিছে ।

উল্লেখ্য যে ১৯৯৩ চনৰে পৰা একাধাৰে অনুষ্ঠিত হৈ অহা জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থান দৌল মহোৎসৱে এইবাৰ ৩১ সংখ্যক বৰ্ষত ভৰি দিয়ে। আজিৰে পৰা ২৭ মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্যভাৱে চলিব লগা দৌল মহোৎসৱৰ কাৰ্যসূচীত আজি অৰ্থাৎ ২৪ মাৰ্চৰ পুৱা পোৱাল চন্দ্ৰ নাথ, ধেনুৰাম নাথ, ফুলকন নাথ আৰু গোলাপ নাথৰ নেতৃত্বত, অঞ্চলৰ সমূহ যুৱক-যুৱতী-ৰাইজৰ অংশগ্ৰহণৰ দ্বাৰা পৰিবেশ নিকাকৰণৰ যোগেদি অনুষ্ঠানৰ শুভাৰম্ভণি ঘটে ।

তাৰ পাছতেই থানৰ ধৰ্মধ্বজা উত্তোলন কৰে থান পৰিচালনা সমিতিৰ সভাপতি তথা সমাজসেৱী থানেশ্বৰ নাথে। তাৰ পিছত স্মৃতি তৰ্পণ কৰে ফটিক নাথে । পুৱা ১০ বজাত ৰাইজৰ দান-বৰঙণি আৰু শৰাই সঁফুৰা গ্ৰহণৰ পিছতে ক্ৰমে পাঠাচাৰ্য কামেশ্বৰ নাথৰ দ্বাৰা কীৰ্তন পাঠ, বীৰেণ চন্দ্ৰ নাথ, চম্পেশ্বৰ নাথ আৰু ৰিতুমণি নাথৰ নেতৃত্বত দুপৰীয়া প্ৰসংগ সমাপন হয় ।

উল্লেখযোগ্য যে পুৱাৰে পৰা অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে গোঁসাই দৰ্শন, চাকি প্ৰজ্বলন কৰিবলৈ থান প্ৰাংগণত ভিৰ কৰা পৰিলক্ষিত হৈছে। সন্ধিয়াৰ ভাগলৈ থানঘৰীয়া টংকেশ্বৰ নাথৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু বীৰেণ নাথ গায়নৰ ব্যৱস্থাপনাত সন্ধিয়াবেলা সন্ধ্যা প্ৰসংগ আৰু মংগল ধ্বনিৰ কাৰ্যসূচীৰে দৌল মহোৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ সমাপন ঘটে।

অন্যহাতে সোমবাৰে ২৫ মাৰ্চৰ কাৰ্যসূচীৰ আৰম্ভণি ঘটিব গন্ধৰ্ব বাদনেৰে । পুৱা ৫.৩০ বজাত দৌল মন্দিৰৰ ধ্বজা সংস্থাপন, মনিকূট আৰু দৌল মন্দিৰত বন্তি প্ৰজ্বলনৰ পিছতে অঞ্চলৰ ৩০ ভাগ নামঘৰৰ পৰা ধৰ্ম ধ্বজা আৰু জল কলসী লৈ উৎসৱস্থলীলৈ যাত্ৰা কৰা হ'ব। পৰৱৰ্তী পুৱা ৯ বজাত ৩১ খনকৈ ধৰ্ম ধ্বজা উত্তোলন কৰা হ'ব। মূল ধৰ্ম ধ্বজা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি পুস্পেন্দ্ৰ হাজৰিকাই । পুৱা ১০ বজাত গোঁসাই স্নান, স্থাপন আৰু ভকতক নিৰ্মালি প্ৰদানৰ কাৰ্যসূচী সমাপন ঘটিব ।

ইয়াৰ পাছতে ভকত আপ্যায়ন, খোল প্ৰসংগ, নাম প্ৰসংগ, প্ৰসাদ বিতৰণ কাৰ্যসূচী সম্পন্ন হ'ব । বিয়লি ১.৩০ বজাত শেনছোৱাৰ সন্মিলিত নামতী দলৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হ'ব। এই অনুষ্ঠানৰ উদ্বোধক ৰূপে উপস্থিত থাকিব পশু-পালন আৰু পশু চিকিৎসা বিভাগৰ অৱসৰ প্ৰাপ্ত উপ-সঞ্চালক ডা: মদন চন্দ্ৰ নাথ । বিয়লি ৩ বজাত সম্বৰ্ধনা, সাহাৰ্য আৰু শৈক্ষিক বঁটা প্ৰদান কাৰ্যসূচী সমাপন ঘটিব । সাহাৰ্য বঁটা অঞ্চলৰ দুগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিলৈ প্ৰদান কৰিব ।

উল্লেখযোগ্য যে সাহাৰ্য আৰু শৈক্ষিক বঁটাৰ দাতা ক্ৰমে পোৱাল চন্দ্ৰ নাথ , সীমাৰেখা ভৰালী, অলকানন্দ নাথ আৰু তুষাৰ শৰ্মা । সন্ধিয়া ৬ বজাত সমূহীয়া বন্তি প্ৰজ্বলন আৰু সন্ধ্যা প্ৰসংগ সমাপন ঘটিব । ৭ বজালৈ অঞ্চলৰ গায়ন বায়ন সকলৰ দ্বাৰা যোৰা পৰিৱেশন আৰু নিশা অঞ্চলৰ শিল্পী সকলৰ অভিনয়, কামেশ্বৰ নাথ, গম্ভীৰ নাথ, ইন্দ্ৰ নাথৰ পৰিচালনাৰে ৰাম-বিজয় ভাওনা মঞ্চস্থ কৰা হ'ব। মঞ্চ উদ্বোধন কৰিব নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই ।

২৬ মাৰ্চৰ কাৰ্যসূচীত পুৱা স্বচ্ছ অভিযানৰ পিছতেই পবিত্ৰ হোলী খেলা আৰু সমদল যাত্ৰা উলিওৱা হ'ব । এই যাত্ৰৰ পিছতে কীৰ্তন পাঠ, প্ৰসংগ সম্পন্ন হ'ব । দুপৰীয়া আমন্ত্ৰিত নামতী দলৰ দ্বাৰা দিহানাম পৰিবেশন কৰা হ'ব। দিহানাম উদ্বোধন কৰিব লেখিকা দীপিকা নাথে। সন্ধিয়া ৬ বজাত সন্ধ্যা প্ৰসংগ, নিশা ৮ বজাত আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হ'ব । তাৰ পাছতে শিল্পী জিতু শ্ৰাৱণে উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠানত অনুষ্ঠান পৰিবেশন কৰিব ৰিতুৰাণী মহন্ত আৰু পৰাগ দাসে ।

অন্যহাতে ২৭ মাৰ্চ তথা অনুষ্ঠানৰ অন্তিম দিনটোত পুৱা পৰিৱেশ নিকাকৰণৰ পিছতে অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ময়ূৰপংখী ৰথত দৌল গৌবিন্দ গোঁসাই ভ্ৰমণ কৰা হ'ব । ইয়াৰ পাছতে কীৰ্তন পাঠ, মুকলি দিহানাম অনুষ্ঠিত হ'ব । নিশালৈ ধিঙৰ উদয়ন সংঘৰ দ্বাৰা অভিজিৎ ভট্টাচাৰ্যৰ ৰচনা আৰু অনুপ কুমাৰ ওজাৰ পৰিচালনাৰে মা-কালী নাটৰ মঞ্চস্থ কৰা হ'ব ।

জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত দৌল মহোৎসৱৰ আৰম্ভণি
গুৱাহাটী IITত এছটিএফৰ অভিযানঃ আটক ছহাউল উৰ ৰহমান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in