/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8a5711be-c941-4e41-bc3a-b677eeff1ee7/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰত পুনৰ উদ্ধাৰ বিদেশী বন্য জন্তু। মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰত আৰক্ষীয়ে উদ্ধাৰ কৰে ৭ টা দুষ্প্ৰাপ্য বন্য জন্তু। লাইলাপুৰ গেটত নাকা তালাচী চলোৱাৰ সময়ত এখন বাহনৰ পৰা জব্দ কৰা হয় জন্তু কেইটা। জব্দ কৰা জন্তু কেইটা হৈছে- ১টা পানামাৰ বগা মুখৰ কেপুচিন, ৪টা ব্লেক মেকাক আৰু ২টা অপ’ছাম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4aa1f63a-1a52-45c3-8a78-980120f1409e/bb7ace1d_5586_49ca_8054_d609863d50c2.jpg)
উল্লেখ্য যে আৰক্ষীয়ে জন্তু কেইটা ধলাই বন বিভাগক গতাই দিয়ে। আনহাতে বন বিভাগে জন্তু কেইটা গুৱাহাটী চিৰিয়াখানালৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। এই সংক্ৰান্তত ৫জন লোকক আটক কৰিছে আৰক্ষীয়ে। ধৃত লোক কেইজন মিজোৰাম বঙকন জিলাৰ মিংকো পুইয়া, এফ লালচন্দমা, লালৰিন লুয়াংগা, ভাললালেংগেডা আৰু জেনি লালৰুয়াট কিমি। জন্তু কেইটা বিদেশৰ পৰা অনা হৈছিল বুলি স্বীকাৰ লোককেইজনৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e58e1310-b253-4eb6-9041-8f15ef3f3850/08158861_3a0d_49a6_a941_19d9134ede3e.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c0abfc80-b4ef-4104-9654-8b9b8c1c4d65/52b4afe9_50ee_4777_ae87_12622132decd.jpg)
Also Read: শিল্পী পেঞ্চনাৰ আৰতি নেৱাৰৰ বিয়োগঃ বিভিন্ন ব্যক্তি-অনুষ্ঠানৰ শোক প্ৰকাশ