শিল্পী পেঞ্চনাৰ আৰতি নেৱাৰৰ বিয়োগঃ বিভিন্ন ব্যক্তি-অনুষ্ঠানৰ শোক প্ৰকাশ

শিল্পী পেঞ্চনাৰ আৰতি নেৱাৰৰ বিয়োগঃ বিভিন্ন ব্যক্তি-অনুষ্ঠানৰ শোক প্ৰকাশ

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ জখলাবন্ধা নিবাসী অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ, নেপালী লোক সংগীতৰ সাধক শিল্পী আৰতি নেৱাৰ দীৰ্ঘদিন শাৰীৰিক অসুস্থতাৰ ভুগি দেওবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ৭৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। শৈশৱৰ পৰাই নেপালী লোক সংগীতৰ চৰ্চা কৰা সাধকগৰাকী অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী নিয়মীয়া শিল্পী আছিল। মহিলাৰ ন্যায় আৰু অধিকাৰৰ বাবে দীৰ্ঘ বছৰ ধৰি কাম কৰা সমাজকৰ্মীগৰাকীয়ে এসময়ত কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীত্ব আগবঢ়াইছিল।

কলিয়াবৰৰ বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত থকা অমায়িক, মৃদুভাষী, হাস্যমুখী শিল্পীগৰাকীয়ে কলিয়াবৰ ভানু সমিতি আৰু ভাৰতীয় গোৰ্খা পৰিসংঘৰ নগাঁও সমিতিৰ উপদেষ্টা হিচাপে দায়িত্ব পালন কৰি সমাজৰ লগত জড়িত আছিল। শিল্পীগৰাকীৰ বিয়োগত কলিয়াবৰ ভানু সমিতি, বাঘজান-জখলাবন্ধা বহুমুখী সমিতি, জখলাবন্ধা মিলন সংঘ, নেপালী সাহিত্য সভা : নগাঁও সমিতি, হাম্ৰো স্বভিমান : নগাঁও সমিতি, ভাৰতীয় গোৰ্খা পৰিসংঘৰ নগাঁও সমিতি, কলিয়াবৰ প্ৰেছ ক্লাব প্ৰমুখ্য কৰি কলিয়াবৰৰ বিভিন্ন ব্যক্তি -অনুষ্ঠানে শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেখেতে দুই পুত্ৰ-বোৱাৰী, জী-জোঁৱাই, নাতি-নাতিনী ইষ্ট কুটুম্ব ইহ সংসাৰত এৰি থৈ যায়।

শিল্পী পেঞ্চনাৰ আৰতি নেৱাৰৰ বিয়োগঃ বিভিন্ন ব্যক্তি-অনুষ্ঠানৰ শোক প্ৰকাশ
আকৰ্ষণীয় প্ৰদৰ্শনেৰে এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ অসম কন্যা শিৱাংগী শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in