সৰুপথাৰৰ ধনশিৰিৰ বৰপথাৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ।
লতাজুৰী গাঁৱৰ পথাৰৰ মাজৰ এটা পুখুৰীত শুকুৰবাৰে উদ্ধাৰ মৃতদেহটো।
পলিথিনেৰে মেৰিয়াই থোৱা আছিল মৃতদেহটো।
দুষ্কৃতিকাৰীয়ে হত্যা কৰি তেনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ।
ঘটনাস্থলীত উপস্থিত হৈ বৰপথাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।