/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/65785c4d-88e9-4e43-af6f-7923aad6988f/AP_FOR_WEB_junmoni_cloths.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ দৰ্জীক চিলাবলৈ দিয়া খাকী কাপোৰযোৰ আৰু পিন্ধা নহল উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ। দৰ্জীয়ে ধুনীয়াকৈ চিলাই থৈ দিয়া কাপোৰযোৰ পিন্ধাৰ পূৰ্বেই পৃথিৱীৰ পৰা বিদয়া মাগিলে জোনমণি ৰাভাই।
এছ আই জোনমণি ৰাভা এনে এটি নাম যাক ৰাজ্যত চিনি নোপোৱা মানুহৰ সংখ্যা কমেই ওলাব। জোনমণিৰ মৃত্যুয়ে সমগ্ৰ ৰাজ্যতে শোকৰ ছা পেলাইছে।
জোনমণি চিনাকী আছিল নগাঁওবাসীৰ মাজত। মাৰ্জিত ব্যৱহাৰ আৰু বন্ধুত্বসুলভ স্বভাৱৰ বাবেই জোনমণিয়ে জনপ্ৰিয়তাও অৰ্জন কৰিছিল কম দিনৰ ভিতৰতেই । সাজ-পাৰ পৰিধান কৰাৰ ক্ষেত্ৰত চৌখিন আছিল আৰক্ষী বিষয়াগৰাকী । প্ৰায়েই দেখা গৈছিল নতুন কাপোৰ পৰিধান কৰি থকা।
জোনমণিয়ে ইউনিফৰ্ম চিলাই লৈছিল নগাঁও চহৰৰ ঢাকাইপট্টিৰ জে বি টেইলৰিং নামৰ এখন দোকানত। মৃত্যুৰ কেইদিনমান পূৰ্বে এই দোকানখনতেই জোনমণি ৰাভাই চিলাবলৈ দিছিল এযোৰ নতুন খাকী পোচাক । নিয়াৰ কথাও আছিল দুই-এদিনতে ।
কাপোৰযোৰৰ কাম সম্পূৰ্ণ হ'ল দৰ্জীৰ । কিন্তু সেইযোৰ সাজ নিবলৈ আৰু কোনোদিনে নাহে জোনমণি ৰাভা । এই কথা কৈয়ে শোকত ভাগি পৰিছে দৰ্জী গৰাকী। এক ৰহস্যময় দুৰ্ঘটনাত অকাল মৃত্যু ঘটিল সাহসী আৰক্ষী বিষয়া গৰাকীৰ।
Also Read: তেতিয়াৰ হিমন্ত বিশ্ব এতিয়া শিৱকুমাৰ! কৰ্ণাটকত জয় লাভ কংগ্ৰেছৰ বাবে মূৰৰ কামোৰণি...