তেতিয়াৰ হিমন্ত বিশ্ব এতিয়া শিৱকুমাৰ! কৰ্ণাটকত জয় লাভ কংগ্ৰেছৰ বাবে মূৰৰ কামোৰণি...

তেতিয়াৰ হিমন্ত বিশ্ব এতিয়া শিৱকুমাৰ! কৰ্ণাটকত জয় লাভ কংগ্ৰেছৰ বাবে মূৰৰ কামোৰণি...

ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে কংগ্ৰেছে। ১৩ মে'ত ঘোষণা হোৱা নিৰ্বাচনী ফলাফলত ১৩৫ খন আসন লাভ কৰিবলৈ সক্ষম হয় কংগ্ৰেছ।

কিন্তু নিৰ্বাচনত জয় লাভ কৰাতকৈ আন এক বিষয়হে এতিয়া চৰ্চাৰ বিন্দু হৈ পৰিছে। সেয়া হ'ল কোন হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী? ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ দৌৰত আছে দুই শক্তিশালী জ্যেষ্ঠ নেতা ডি কে শিৱকুমাৰ আৰু চিদ্দাৰামায়া।

কেইবাখনো বৈঠকৰ অন্ততো কংগ্ৰেছে বৰ্তমানলৈ ঘোষণা কৰা নাই মুখ্যমন্ত্ৰীৰ নাম। ইয়াক লৈ ৰাজ্যখনত কংগ্ৰেছৰ মাজত সংঘাত বৃদ্ধি হোৱা যেন উমান হয়। সূত্ৰ অনুসৰি জানিব পৰা মতে কংগ্ৰেছে চিদ্দাৰামায়াক মুখ্যমন্ত্ৰীৰ পদৰ বাবে নিৰ্বাচিত কৰি ডিকে শিৱকুমাৰৰ হাতত উপ-মুখ্যমন্ত্ৰীৰ পদ অৰ্পন কৰিব।

ডিকে শিৱকুমাৰে কালিলৈকে মানি লোৱা নাছিল কোনো চৰ্ত। তেওঁ বিচৰা নাছিল চিদ্দাৰামায়াৰ তলত কাম কৰিবলৈ। যাৰ বাবে কংগ্ৰেছে তেওঁক প্ৰস্তাৱ দিছিল যে প্ৰথম ২ বছৰ চিদ্দাৰামায়া আৰু পৰৱৰ্তী ৩ বছৰ ডিকে শিৱকুমাৰে শাসনভাৰ গ্ৰহণ কৰিব। যি প্ৰস্তাৱ নাকচ কৰিছিল ডিকেশিৱকুমাৰে।

কিন্তু আজি শিৱকুমাৰে কয় যে দলৰ স্বাৰ্থত তেওঁ ত্যাগ কৰিছে মুখ্যমন্ত্ৰী পদ। কিন্তু ইয়াৰ লগে লগে শেষ হ'ব জানো কংগ্ৰেছৰ অন্তৰ্কন্দল? এতিয়ালৈকে কংগ্ৰেছে আনুষ্ঠানিক ঘোষণা কৰা নাই মুখ্যমন্ত্ৰীৰ নাম। কিন্তু যি গৰাকীয়ে মুখ্যমন্ত্ৰী পদ নাপাই তেওঁ আগন্তুক সময়ত কংগ্ৰেছী হৈয়েই থাকিবনে?

চিদ্দাৰমিয়া কৰ্ণাটকৰ এজন বিশিষ্ট, জনপ্ৰিয় ৰাজনীতিবিদ। তেওঁ প্ৰায় ১.১৬ লাখ ভোট লাভ কৰিছে । যি সমষ্টিটোৰ ভোটৰ ৬০ শতাংশ। ২০০৮ চনৰ পৰাই তেওঁৰ এই জয়ৰ ধাৰা অব্যাহত আছে। ইয়াৰপূৰ্বে তেওঁ এবাৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী পদতো আছিল।

আনহাতে ৭ বাৰৰ বিধায়ক কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰে কনকপুৰা সমষ্টিৰ পৰা ১.২ লাখ ভোট লাভ কৰি জয়লাভ কৰিছে চলিত বৰ্ষৰ নিৰ্বাচনত। যি সমষ্টিটোৰ মুঠ ভোটৰ ৭০ শতাংশতকৈ অধিক। শিৱকুমাৰে দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী পদৰ বাবে অপেক্ষা কৰি আছিল।

কিন্তু দলত তেওঁৰ শত্ৰুও আছিল যাৰ বাবে তেওঁ হয়তো এইবাৰো দলৰ পৰা বিমুখ হ'ব লগা হৈছে। অৱশ্যে ইয়াৰ বাবে দলত প্ৰভাৱ নপৰাকৈ নাথাকে।

কিছুবছৰ আগতে এই একেধৰণৰে দৃশ্যপট দেখা গৈছিল অসমত। তেতিয়াও এই দৃশ্যপটৰ কেন্দ্ৰবিন্দু আছিল কংগ্ৰেছে। ডিকে শিৱকুমাৰৰ দৰে তেতিয়াৰ কংগ্ৰেছী নেতা আছিল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছিল মুখ্যমন্ত্ৰী পদ। কিন্তু কংগ্ৰেছৰ এটা সিদ্ধান্তৰ বাবেই পৰৱৰ্তী সময়ত হিমন্ত বিশ্বই বিজেপিত যোগদান কৰে আৰু অসমৰ পৰা কংগ্ৰেছ নাইকীয়া হৈ যায়।

এইবাৰো একাংশই আশংকা কৰিছে যে কংগ্ৰেছৰ এটা ভুল সিদ্ধান্ত দলটোৰ ওপৰত যথেষ্ঠ প্ৰভাৱ পেলাব। কৰ্ণাটকৰ জয় দলটোৰ বাবে নেতিবাচক দিশ হিচাপেহে বিবেচিত হ'ব বুলি একাংশই ভাবিছে।

তদুপৰি বিজেপিৰ ৰাজনৈতিক সমীকৰণ সকলোৱে দেখি আহিছে। তাৰ উদাহৰণ হিচাপে মহাৰাষ্ট্ৰৰ কথাকে কব পাৰে। গতিকে পৰৱৰ্তী সময়ত বিজেপিয়ে কি স্থিতি গ্ৰহণ কৰে আৰু কংগ্ৰেছৰ সিদ্ধান্ত দলটো লাভদায়ক হ'ব নে নাই সেয়া লক্ষণীয় হ'ব।

তেতিয়াৰ হিমন্ত বিশ্ব এতিয়া শিৱকুমাৰ! কৰ্ণাটকত জয় লাভ কংগ্ৰেছৰ বাবে মূৰৰ কামোৰণি...
অপেক্ষাৰ অন্ত! কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব চিদ্দাৰামায়াই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in