শিক্ষা বিভাগৰ অধিসূচনা জাৰি : শিক্ষক-শিক্ষয়িত্রীৰ বাবে ‘ড্রেছ ক’ড’....

শিক্ষা বিভাগৰ অধিসূচনা জাৰি : শিক্ষক-শিক্ষয়িত্রীৰ বাবে ‘ড্রেছ ক’ড’....

ডিজিটেল ডেস্ক : এইবাৰ সাজ-পাৰৰ ক্ষেত্ৰত সৰৱ শিক্ষা বিভাগ। ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছে এক নতুন অধিসূচনা। অধিসূচনাত প্ৰকাশ পাইছে ৰাজ্যৰ শিক্ষক-শিক্ষয়িত্রীৰ বাবে ‘ড্রেছ ক’ড’ৰ বিশেষ নিয়মাৱলী। মাৰ্জিত পোছাক পৰিধান কৰিব লাগিব শিক্ষক-শিক্ষয়িত্রীয়ে।

অধিসূচনাত উল্লেখ কৰা মতে জিনছ, টি-চাৰ্টৰ সলনি ফৰ্মেল ছাৰ্ট-পেণ্ট পিন্ধিব লাগিব শিক্ষকে। আনহাতে শিক্ষয়িত্রীয়ে পিন্ধিব লাগিব মাৰ্জিত শাড়ী, মেখেলা-চাদৰ। অৱশ্যে ইয়াৰ বিপৰীতে মাৰ্জিত চুড়িদাৰ-কামিজ পিন্ধিব পাৰিব শিক্ষয়িত্রীয়ে। পিছে জিনছ-লেগিংছ, টি-চাৰ্ট পৰিধান কৰিব নোৱাৰিব কোনো শিক্ষয়িত্রীয়ে। 

এই অধিসূচনা প্ৰকাশ পোৱাৰ লগে লগে ৰাজ্যত ব্যাপক চৰ্চাৰ পৰিলক্ষিত হৈছে। বহুতৰে দাবী ইতিপূৰ্বে এই নিয়ম পালন কৰি আহিছে শিক্ষক-শিক্ষয়ত্ৰীসকলে। এই প্ৰসংগত সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰা দেখিবলৈ পোৱা গৈছে।

শিক্ষা বিভাগৰ অধিসূচনা জাৰি : শিক্ষক-শিক্ষয়িত্রীৰ বাবে ‘ড্রেছ ক’ড’....
নকল সোণ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰেপ্তাৰ এজনৰ পাছত আনজন...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in