প্ৰসংগ-জোনমণি ৰাভা; জামিন লাভ ৰাভাৰ গাড়ীত খুন্দিওৱা ট্ৰাক চালকৰ...

প্ৰসংগ-জোনমণি ৰাভা; জামিন লাভ ৰাভাৰ গাড়ীত খুন্দিওৱা ট্ৰাক চালকৰ...

ডিজিটেল ডেস্ক : জোনমণি ৰাভাৰ বাহনত খুন্দিওৱা ট্ৰাক চালকে লাভ কৰিলে জামিন। চি আই ডিৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ট্ৰাক চালক সুমিত কুমাৰে ৷ আত্মসমৰ্পণৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছিল সুমিত কুমাৰক৷

এই সন্দৰ্ভত, জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্তকাৰী বিষয়া তথা জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানিবলৈ দিছে গোচৰৰ তথ্য। ৮৪/২৩ নম্বৰত ৰুজু হৈছে এই গোচৰ। ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯/৪২৭/৩০৪ (এ) ধাৰাত ৰুজু হৈছিল সুমিত কুমাৰৰ বিৰুদ্ধে গোচৰ।

উল্লেখ্য যে, ৰাচ এণ্ড নেগলিজেঞ্চ, ডেমেঞ্জ, কজিং ডেথ বাই নেগলিজেঞ্চ এই কেইটা ধাৰাত গোচৰ ৰুজু হোৱাত এটা কথা স্পষ্ট হৈ পৰিছে যে, আৰক্ষীয়ে সমগ্ৰ ঘটনাটো এক প্ৰকাৰৰ দুৰ্ঘটনা বুলিয়েই নিশ্চিত হৈছে।

প্ৰসংগ-জোনমণি ৰাভা; জামিন লাভ ৰাভাৰ গাড়ীত খুন্দিওৱা ট্ৰাক চালকৰ...
ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰিল গছ; আবদ্ধ শ-শ যান-বাহন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in