স্বাধীন অসমৰ পৰা সবল অৰ্থনীতিলৈ... ২৭ বছৰীয়া হ'ল প্ৰতিবাদী কন্ঠ ৰুদ্ধ হোৱাৰ

স্বাধীন অসমৰ পৰা সবল অৰ্থনীতিলৈ... ২৭ বছৰীয়া হ'ল প্ৰতিবাদী কন্ঠ ৰুদ্ধ হোৱাৰ

ডিজিটেল ডেস্ক : পৰাগ কুমাৰ দাস । প্ৰবল সম্ভাৱনাময় এক সবল প্ৰতিবাদী কন্ঠ । সাংবাদিকতা, জাতীয়তাবাদী আৰু মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাস । সেই পৰাগ কুমাৰ দাসৰ আজি ২৭ সংখ্যক মৃত্যুবাৰ্ষিকী । '৯০ৰ দশকৰ অস্থিৰ অসমত সুস্থিৰ অৰ্থনীতিৰ কথা চিন্তা কৰা পৰাগ কুমাৰ দাস আছিল অসমৰ মানৱ অধিকাৰ আন্দোলনৰ অন্যতম গুৰি ধৰোতাও  । কিন্তু কেৱল ইয়াতেই জানো শেষ হয় এনে এগৰাকী ব্যক্তিৰ আলোচনা অথবা সংজ্ঞা ?

দিল্লীৰ ছেইন্ট ষ্টিফেন্স মহাবিদ্যালয়ৰ অৰ্থনীতিত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি দিল্লী স্কুল অৱ ইক'নমিকছৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল পৰাগ দাসে । অসম আন্দোলনৰ সময়ত সমগ্ৰ ৰাজ্য উত্তাল হৈ থকা সময়ত পাঞ্জাৱ নেছনেল বেংকত ব্যৱস্থাপকৰূপে যোগদান কৰি পৰৱৰ্তী সময়ত গুৱাহাটী ষ্ট'ক এক্সছেঞ্জতো সংস্থাপন লাভ কৰিছিল যদিও ক্ৰমাৎ সাংবাদিকতা আৰু জাতীয়তাবাদী চিন্তা-ধাৰাৰ প্ৰতি ঢাল খাই অহা পৰাগে সেই পদবীৰ পৰা পদত্যাগ কৰি 'অসমীয়া প্ৰতিদিন'ত কাৰ্যবাহী সম্পাদকৰূপে যোগদান কৰিছিল ১৯৯৫ চনত ।

১৯৯৫ চনতহে অসমীয়া প্ৰতিদিনত যোগদান কৰিলেও অসম আন্দোলনৰ পৰা সুদীৰ্ঘ প্ৰায় এটা দশক কিন্তু সাহিত্য-সাংবাদিকতাৰ সৈতে সম্পৰ্ক এটা স্থাপন কৰাত সফল হৈছিল পৰাগ দাস । '৮০ৰ দশকৰ শেষৰফালেই প্ৰান্তিক আৰু দা চেন্টিনেলত সাংবাদিকতা আৰম্ভ কৰা পৰাগ দাসে পৰৱৰ্তী সময়ত সেই সময়ৰ অসমত এক প্ৰকাৰ ক্ৰান্তিৰ সৃষ্টি কৰি আৰম্ভ কৰিছিল সাপ্তাহিক অসমীয়া কাকত "বুধবাৰ" ।

বুধবাৰত সেই সময়ৰ বহু কেইগৰাকী খ্যাত-প্ৰখ্যাত লিখক-সাংবাদিক যেনে দেৱব্ৰত দাস, অৱনী চক্ৰৱৰ্তী,গৌতম বৰা, দিলীপ তামূলী, ডঃ অমৰজ্যোতি চৌধুৰী আদি সমল ব্যক্তিয়ে নিজা চিন্তা-ধাৰা উত্থাপন কৰিছিল । ১৯৯৬ চনৰ ১৭ মে'ত চান্দমাৰীৰ ৰাজগড়ত আততায়ীৰ গুলীত নিহত হোৱা পৰাগ কুমাৰ দাসৰ মৃত্যুত অসমীয়া সমাজে হেৰুৱালে সম্ভাৱনা । যি হয়তো পৰৱৰ্তী সময়ত অসমৰ সামাজিক, ৰাজনৈতিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ হৈ পৰিল হয় ।

আজিৰ এই ৰাজনীতি আৰু সমাজনীতিৰ সন্ধিক্ষণত পৰাগ দাসৰ আলোচনা আৰু সমালোচনা দুয়োটাই হোৱা উচিত । উগ্ৰ জাতীয়তাবাদৰ পৰা সুস্থ অৰ্থনৈতিক বিশ্লেষণলৈ সকলো প্ৰাসংগিক-অপ্ৰাসংগিক প্ৰশ্ন পুনৰ উত্থাপন হোৱা উচিত । যিবোৰ প্ৰশ্ন শাসকপক্ষক সুধিবলৈ ৰৈ গ'ল সেইবোৰ সোধা উচিত, যিবোৰ উত্তৰ ৰাইজক দিবলৈ ৰৈ গ'ল সেইবোৰ উত্তৰ দিয়া উচিত ।

চাংলাট ফেনলাৰ পৰা স্বাধীন অসমৰ অৰ্থনীতিলৈ হোৱা বিশ্লষণাত্মক যাত্ৰা কম সময়ৰ ভিতৰতেই সুদীৰ্ঘ । এই সমগ্ৰ যাত্ৰাটিৰ আলোচনা হওক, যিহেতু ভৱিষ্যতেও অসমত জাতীয়তাবাদৰ ইতিহাস আৰু ভৱিষ্যতৰ প্ৰাসংগিকতা থাকিব তেনেস্থলত জাতীয়তাবাদে চৰম হতাশাৰ কৰালগ্ৰাসত পৰাৰ পূৰ্বেই হওক এই আলোচনা ।

স্বাধীন অসমৰ পৰা সবল অৰ্থনীতিলৈ... ২৭ বছৰীয়া হ'ল প্ৰতিবাদী কন্ঠ ৰুদ্ধ হোৱাৰ
অহা ১৭ মে'ত প্ৰদান কৰা হ'ব "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা"...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in