জোনমণি কাণ্ডৰ সৈতে নাম জড়িত হোৱা নিলম্বিত আৰক্ষী বিষয়াক পুনৰ নিযুক্তি....

জোনমণি কাণ্ডৰ সৈতে নাম জড়িত হোৱা নিলম্বিত আৰক্ষী বিষয়াক পুনৰ নিযুক্তি....
জোনমণি কাণ্ডৰ সৈতে নাম জড়িত হোৱা নিলম্বিত আৰক্ষী বিষয়াক পুনৰ নিযুক্তি....

ডিজিটেল ডেস্কঃ যিসময়ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ধাৰাবাহিক ভাৱে বিতৰ্কত সোমাই পৰা অসম আৰক্ষীক সঞ্চাৰ আৰু জনতাৰ কাষ চপাই নিবৰ বাবে কেতবোৰ কঠোৰতম সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সময়তেই গুৰুতৰ অভিযোগত অভিযুক্ত হৈ নিলম্বনৰ সন্মুখীন হোৱা আৰক্ষী বিষয়াক নিলম্বনৰ ২ মাহ সম্পূৰ্ণ নৌহওঁতেই পুনৰ নিযুক্তি প্ৰদানৰ দৰে ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

১৬ মে'ৰ নিশা ৰহস্যজনক ভাৱে পথ দুৰ্ঘটনাত নিহত হোৱা জোনমণি ৰাভা কাণ্ডৰ সৈতে নাম সাঙোৰ খাইছিল মনোজ ৰাজবংশী নামৰ আৰক্ষী বিষয়াগৰাকীৰ। নগাওঁ সদৰ আৰক্ষী থানাৰ নিলম্বিত এই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছিল গুৰুতৰ অভিযোগ।

অভিযোগ অনুসৰি মনোজ ৰাজবংশীয়ে জোনমণি ৰাভা কাণ্ডৰ বিভিন্ন তথ্য প্ৰমাণ নষ্ট কৰিছিল। চিবিআইৰ তদন্তৰ পূৰ্বে চি আই ডিৰ তদন্তৰ সময়তে আন আন আৰক্ষী বিষয়াৰ সৈতে মনোজ ৰাজবংশীকো নিলম্বন কৰা হৈছিল।

এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি তদানীন্তন নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নিৰ্দেশত বিপথে পৰিচালিত হৈছিল। কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে চি বি আইৰ তদন্ত চলি থকাৰ মাজতে এইগৰাকী আৰক্ষী বিষয়াকে পুনৰ দায়িত্ব প্ৰদান কৰি নিলম্বন উঠাই লোৱা হৈছে।

উল্লখ্য যে, চি বি আই ডি আই জি লাভলি কাটাৰিয়াৰ নেতৃত্বত এটা দলে জোনমণি ৰাভা কাণ্ডৰ সৈতে নাম সাঙোৰ খোৱা বিভিন্ন আৰক্ষী বিষয়া, জোৱান আৰু অন্যান্যৰ লগতে মনোজ ৰাজবংশীকো নগাঁৱত জেৰা চলাইছিল। কিন্তু এই তদন্ত প্ৰক্ৰিয়া সমাপ্ত নৌহওঁতেই মনোজ ৰাজবংশীক পুনৰ নিযুক্তি প্ৰদান কৰা হৈছে। এয়া তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অসত্য আধাৰত প্ৰতিষ্ঠিত নে আন কোনো কাৰণত সম্ভৱ হৈ উঠিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

নগাঁৱৰ সদৰ আৰক্ষী থানাৰ নিলম্বিত এইগৰাকী আৰক্ষী বিষয়াক নতুন কৈ নিযুক্তি দিয়া হৈছে সীমান্ত শাখাত। এই খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে এতিয়া সামাজিক মাধ্যমত পুনৰ জোনমণি ৰাভা কাণ্ড আৰু ইয়াৰ সৈতে নাম সাঙোৰ খোৱা বিষয়াসকলক কোনো এক অদৃশ্য শক্তিয়ে ৰক্ষণাবেক্ষণ দি আছে নেকি বুলিও অৱশ্যে চৰ্চা আৰম্ভ হৈছে।

জোনমণি কাণ্ডৰ সৈতে নাম জড়িত হোৱা নিলম্বিত আৰক্ষী বিষয়াক পুনৰ নিযুক্তি....
ধনৰ বাবেই এজনক হত্যা কৰি লুকুৱাই থলে পিটনিৰ মাজত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in