/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/jonmoni.jpg)
লখিমপুৰলৈ ৰাওনা CID ৰ দলঃ জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে জড়িত হৈছে নকল সোণৰ প্ৰসংগও...
ডিজিটেল ডেস্কঃ জোনমণি ৰাভাৰ কাণ্ডৰ চি আই ডি তদন্ত অব্যাহত থকাৰ মাজতে নগাওঁ আৰু লখিমপুৰৰ ৪ গৰাকী আৰক্ষী বিষয়াৰ ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক নিৰ্দেশৰ জৰিয়তে নগাওঁ জিলাৰ ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা আৰু নগাওঁ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা পৰিদৰ্শক মনোজ ৰাজবংশীৰ ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ed7e3eb7-9ee5-4f7c-a65d-10b38617c2e0/order.jpg)
আনহাতে লখিমপুৰ জিলাৰ নৰ্থ লখিমপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা পৰিদৰ্শক ভাস্কৰ কলিতা আৰু নাওবৈচা আৰক্ষী চকীৰ আই চি তথা উপ-পৰিদৰ্শক সঞ্জীৱ বৰাৰ ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ff0dade2-d4d2-40cc-9cac-eedbdbf1949d/WhatsApp_Image_2023_05_19_at_10_21_33_PM.jpeg)
উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে এই আটাইকেইজন আৰক্ষী বিষয়াৰ নাম এই ঘটনাৰে সাঙোৰ খাইছিল। নগাওঁ জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নিৰ্দেশতে জোনমণি ৰাভাই লখিমপুৰত গৈ নকল সোণৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাইছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d27f99d7-c3a5-4b03-9d42-4de26d75d3b4/WhatsApp_Image_2023_05_19_at_10_21_33_PM__1_.jpeg)
আনহাতে নাওবৈচা আৰক্ষী চকীৰ আই চি সঞ্জীৱ বৰাৰ বিৰুদ্ধেও নকল সোণৰ সৰবৰাহকাৰীক সুৰক্ষা দিয়া আৰু জোনমণি ৰাভাক ৬ লাখ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইফালে তদন্তকাৰী চি আই ডিৰ দলে এই আটাইকেইজন আৰক্ষী বিষয়াকে বৃহস্পতিবাৰে সোধ-পোছ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/42d5b861-2078-45f5-8cfd-be35143849c2/WhatsApp_Image_2023_05_19_at_10_21_34_PM.jpeg)
Also Read: ৰাঙলুত ঠিকাদাৰৰ বিৰুদ্ধে পথ নিৰ্মাণত অনিয়মৰ অভিযোগ...