সাংবাদিকৰ ধৰ্মঘট : জোনমণি ৰাভাৰ ঘটনা প্ৰসংগত হাৰাশাস্তিৰ অভিযোগ

নালিয়াৰ বক্তব্য সংগ্ৰহ কৰা বোকাখাতৰ সাংবাদিকসকলক আৰক্ষীয়ে অপৰাধীৰ দৰে বোকাখাত থানালৈ মাতি নি সোধা-পোচাৰ নামত অসৌজন্যমূলক আচৰণৰ অভিযোগ
সাংবাদিকৰ ধৰ্মঘট : জোনমণি ৰাভাৰ ঘটনা প্ৰসংগত হাৰাশাস্তিৰ অভিযোগ

ডিজিটেল সংবাদ,বোকাখাতঃ জোনমণি ৰাভাৰ ঘটনা তদন্তৰ নামত হাৰাশাস্তিৰ অভিযোগ একাংশ সাংবাদিকৰ। অভিযোগ অনুসৰি, উপ-পৰিদৰ্শক প্ৰয়াত জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰিছিল প্ৰণৱ দাস ওৰফে নালিয়াই।

প্ৰণৱ দাস ওৰফে নালিয়াৰ বক্তব্য সংগ্ৰহ কৰা বোকাখাতৰ সাংবাদিকসকলক আৰক্ষীয়ে অপৰাধীৰ দৰে বোকাখাত থানালৈ মাতি নি সোধা-পোচাৰ নামত অসৌজন্যমূলক আচৰণৰ অভিযোগ। বোকাখাত আৰক্ষীয়ে কেইবাঘণ্টা ধৰি ৰখাই থোৱা,বহিবলৈ সুবিধা নিদিয়া,এগিলাচ পানীৰ সুবিধা কৰি নিদিয়াৰ দৰে অসৌজন্যমূলক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে একাংশ সাংবাদিকে।

উক্ত অভিযোগ উত্থাপন কৰি বোকাখাতৰ একাংশ সাংবাদিক তথা বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। মঙলবাৰে অসম ৰাজ্যিক সাংবাদিক সন্থা,বোকাখাত মহকুমা সাংবাদিক সংস্থা,বোকাখাত প্ৰেছ ক্লাৱ, ইমজা, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, গোৰ্খা ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত মহকুমা সমিতি, বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ, বোকাখাত বাছ মালিক সন্থা, বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতি,জীপাল কৃষক-শ্ৰমিক সংঘ, বোকাখাত ক্ৰীড়া সন্থাৰ বিষয়-ববীয়াসকলে বিয়লি ২ বজাৰ পৰা বোকাখাত নাট্য মন্দিৰৰ সমুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে এই প্ৰতিবাদস্থলীতে অসমৰ মুখ্যমন্ত্ৰী,প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াক সমগ্ৰ বিষয় সন্দৰ্ভত স্মাৰকপত্ৰযোগে অৱগত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে।

সাংবাদিকৰ ধৰ্মঘট : জোনমণি ৰাভাৰ ঘটনা প্ৰসংগত হাৰাশাস্তিৰ অভিযোগ
মৰঙিত ভয়াৱহ অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in