বিপদত সাংবাদিক উৎপল বৰাঃ ন্যায়ালয়ে নাকচ কৰিলে জামিন আৱেদন

বিপদত সাংবাদিক উৎপল বৰাঃ ন্যায়ালয়ে নাকচ কৰিলে জামিন আৱেদন

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ কেইবাটাও বিতৰ্কত সোমাই পৰা যোৰহাটৰ সাংবাদিক উৎপল বৰাৰ জামিন আৱেদন নাকচ। ৰাজ্যৰ এটা ব্যক্তিগত চেটেলাইট নিউজ চেনেলৰ উজনি অসমৰ ব্যুৰু চীফ সাংবাদিক উৎপল বৰাই যোৰহাট সত্ৰ ন্যায়ালয়ত 'উৎপল বৰা বনাম অন্যান্য' গোচৰ সন্দৰ্ভত দাখিল কৰা জামিন আৱেদন আজি নাকচ কৰিছে।

উল্লেখ্য যে, যোৰহাটৰ মালৌ আলিত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি বিতৰ্কত সোমাই পৰিছিল সাংবাদিক উৎপল বৰা। ৯ জুলাইত যোৰহাটৰ মালৌ আলিৰ এটা বাসগৃহত কেইজনমান যুৱক আৰু যুৱতীৰ বিৰুদ্ধে অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগ উত্থাপন হৈছিল।

সেই বাতৰি সম্প্ৰচাৰ কৰিছিল সাংবাদিক উৎপল বৰাই। ইয়াৰ পিছতে সমগ্ৰ ঘটনাই লৈছিল অন্য ৰূপ। সাংবাদিক উৎপল বৰা কৰ্মৰত হৈ থকা সংবাদ প্ৰতিষ্ঠানটোৰ যোৰহাটৰ কাৰ্যালয়ত জয় কিশোৰ বৈশ্য, তিলক বৈশ্য আৰু সঞ্জীৱ বৈশ্যই হাতত অস্ত্ৰলৈ কাৰ্যালয়ত প্ৰৱেশ কৰি হত্যাৰ চেষ্টাৰে আক্ৰমণ কৰিছিল বুলি অভিযোগ দাখিল কৰি যোৰহাট আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছিল।

এই গোচৰটোৰ নম্বৰ আছিল ৩৪৫/২৩। উৎপল বৰাৰ অভিযোগৰ ভিত্তিতে তিনিওগৰাকী ব্যক্তিৰ বিৰুদ্ধে আই পি চিৰ ৪২৭/৪৪৮/৩২৫/৩০৭/৩৭৯/৫০৬/৩৪ ধাৰাত গোচৰ ৰুজু হৈছিল।

সমান্তৰালকৈ জয় কিশোৰ বৈশ্যও উৎপল বৰাৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ উত্থাপন কৰি আন এক গোচৰ দাখিল কৰিছিল। এই গোচৰটোৰ নম্বৰ আছিল ৩৪৬/২৩। এই গোচৰৰ ভিত্তিতে উৎপল বৰাৰ বিৰুদ্ধে আই পি চিৰ ৩২৫/২৯৪/৫০৬/৩৪ ধাৰাত গোচৰ ৰুজু হয়।

ইফালে মালৌ আলিৰ সেই ঘটনাৰ সৈতে জড়িত আন আন এগৰাকী মহিলাই উৎপল বৰাৰ বিৰুদ্ধে আৰু এগৰাকী মহিলাই অজ্ঞাত সাংবাদিক আৰু আন কেইবাজনো লোকৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰিছিল। এই গোচৰ দুটাৰ নম্বৰ আছিল ৩৪৭/২৩ আৰু ৩৫৯/২৩।

অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগ উত্থাপন হোৱা যুৱক, যুৱতীয়ে সেই দিনা ভাড়া ঘৰত পাৰ্টী কৰি থকাৰ সময়তে বাসগৃহৰ ভিতৰলৈ একাংশ লোক সোমাই গৈ তেওঁলোকৰ ভিডিঅ' ৰেকৰ্ড কৰাৰ লগতে সাংবাদিক উৎপল বৰাই তেওঁলোকৰ ভিডিঅ' সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ ভাবুকিৰে ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰা বুলি এজাহাৰত উল্লেখ কৰিছিল।

অৱশ্যে এই গোটেই অভিযোগ উৎপল বৰাই নাকচ কৰিছিল। এই গোচৰত তেওঁক ১৯ জুলাইত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। সেই অন্তৱৰ্তীকালীন জামিনো আজি যোৰহাট সত্ৰ ন্যায়ালয়ে নাকচ কৰিছে।

আজি জামিন শুনানিৰ সময়তে ন্যায়ালয়ে কয়, অভিযোগ কৰা অনুসৰি সংবাদ মাধ্যমত বাতৰি প্ৰচাৰৰ নামত ধন দাবী কৰা কাৰ্যই সংবিধানে প্ৰদান কৰা ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ ভংগ কৰিছে। ইয়াৰোপৰি ন্যায়ালয়ে কয়, এইটো কোৱাৰ প্ৰয়োজন নাই যে, সাংবাদিকসকলে বাতৰি প্ৰচাৰৰ ভাবুকিৰে ধন দাবী কৰাৰ অভিযোগ যদি সঁচা হয়, তেন্তে ই সাংবাদিকতাৰ মহৎ বৃত্তিৰ ভাবমূৰ্তিকে কলংকিত কৰিছে।

ইয়াৰোপৰি উৎপল বৰাৰ বিৰুদ্ধে তদন্তত অসহযোগিতাৰ অভিযোগ উঠিছে। তেওঁ অন্তৱৰ্তীকালীন জামিনৰ সময়ছোৱাত তদন্তকাৰী বিষয়াক সহযোগ নকৰা বুলি ন্যায়ালয়ত অৱগত কৰিছে তদন্তকাৰী বিষয়াই।

১৯ জুলাইত উৎপল বৰাক অন্তৱৰ্তীকালীন জামিন প্ৰদানৰ অন্যতম চৰ্ত আছিল সকলো সময়তে তদন্তত সহযোগিতা। কিন্তু তেওঁ এই চৰ্ত ভংগ কৰা বুলি উৎপল বৰাৰ বিৰুদ্ধে তদন্তকাৰী বিষয়াগৰাকীয়ে ন্যায়ালয়ত মন্তব্য কৰিছে।

সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও আন তিনিটা গোচৰ ৰুজু হৈ আছে। যোৰহাট আৰক্ষী থানাত ৰুজু হৈ থকা সেই গোচৰ কেইটা ক্ৰমে ৩৬৪৩/১৯, ৩৪৬/২৩ আৰু ৩৪৭/২৩।

বিপদত সাংবাদিক উৎপল বৰাঃ ন্যায়ালয়ে নাকচ কৰিলে জামিন আৱেদন
অসম নাট্য সন্মিলনৰ দৰং জিলা সমিতি গঠন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in