অসম নাট্য সন্মিলনৰ দৰং জিলা সমিতি গঠন...

অসম নাট্য সন্মিলনৰ দৰং জিলা সমিতি গঠন...

author-image
Asomiya Pratidin
New Update
অসম নাট্য সন্মিলনৰ দৰং জিলা সমিতি গঠন...

অসম নাট্য সন্মিলনৰ দৰং জিলা সমিতি গঠন...

ডিজিটেল সংবাদ মঙলদৈঃ অসম নাট্য সন্মিলনৰ দৰং জিলা সমিতিখন অলপতে গঠন কৰা হয়। চপাই যুৱ কল্যাণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত প্ৰায় অৰ্ধশতাধিক লোকৰ উপস্থিতিত নাট্যশিল্পী মহেন্দ্ৰ ডেকাৰ সভাপতিত্বত হোৱা সাধাৰণ সভাত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ সহকাৰী সম্পাদক নৃত্যানন্দ নাথ আৰু শোণিতপুৰ জিলা সমিতিৰ সভাপতি ত্ৰৈলোক্য মোহন নাথ উপস্থিত থাকি অসম নাট্য সন্মিলনৰ লক্ষ্য, উদ্দেশ্যৰ বিষয়ে কয়।

Advertisment

শিল্পী মৃণাল ৰাজবংশী আৰু কুমাৰেশ দত্তই আঁত ধৰা এই সভাত নাট্যকাৰ ডাঃ ধ্ৰুৱজ্যোতি চহৰীয়াক মুখ্য উপদেষ্টা, নাট্যকাৰ আব্দুল আজিজ, জ্যেষ্ঠ অভিনেতা স্বপন কুমাৰ ঘোষ, অভিনেত্ৰী নিৰ্মালী দেৱী শৰ্মা, জ্যেষ্ঠ সাংবাদিক গণেশ দত্ত, নাট্যকাৰ নয়নজ্যোতি কাশ্যপ, সমাজসেৱক হাচিনুৰ হুছেইনক উপদেষ্টা, মহেন্দ্ৰ ডেকাক সভাপতি, মৃণাল ৰাজবংশীক কাৰ্যকৰী সভাপতি, তুষাৰ শইকীয়া, প্ৰণৱ কুমাৰ ডেকাক উপ-সভাপতি, কুমাৰেশ দত্তক সাধাৰণ সম্পাদক, বিশ্বজিৎ ডেকা, গৌৰী শৰ্মাক সহকাৰী সম্পাদক, হীৰেণ ডেকাক কাৰ্যালয় সম্পাদক, দেৱেন্দ্ৰ কুমাৰ কলিতাক কোষাধ্যক্ষ, দেৱব্ৰত ডেকাক সাংগঠনিক সম্পাদক,বিপুল জ্যোতি শৰ্মা, মুকুট হাজৰিকা, ৰমেন শৰ্মা, মীৰা দত্ত চৌধুৰী, বৰ্ণালী শইকীয়া, জয় প্ৰকাশ শৰ্মা, ৰমণী কুমাৰ ডেকা, বিশ্বজ্যোতি শৰ্মা, নাৰায়ণ কলিতা, নছিউৰ ৰহমান, হীৰেণ বৰুৱা, প্ৰতাপ শৰ্মা, হৰি চন্দ্ৰ ৰাজবংশী, হেৰম্ব কুমাৰ কলিতা, আল আমিন ইছলাম, ৰিপুঞ্জয় শইকীয়াক সদস্য হিচাপে লৈ এখন নতুন সমিতি গঠন কৰা হয়।

উল্লেখ্য যে, অসম নাট্য সন্মিলনৰ দৰং জিলা সমিতিখন বহু বছৰ ধৰি নিষ্ক্ৰিয় হৈ আছিল।

Also Read: উৎকট গৰম: নগাওঁ জিলাতো পাঠদানৰ সূচী সলনি...

অসম নাট্য সন্মিলন