
ডিজিটেল ডেস্ক : শনিবাৰে গুৱাহাটী মহানগৰীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত বিশ্ব সংবাদ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হয় বাৰ্ষিক দেৱৰ্ষি নাৰদ জয়ন্তী । এই অনুষ্ঠানৰ সমান্তৰালকৈয়ে বিশিষ্ট সাংবাদিক তথা অসমৰ জনপ্ৰিয় শিশু আলোচনী সফুৰাৰ সম্পাদক ৰূপম বৰুৱালৈ ২০২৩ বৰ্ষৰ নাৰদ জয়ন্তী বঁটা আগবঢ়োৱা হয় । বাৰ্ষিক বঁটাটিৰ সৈতেই এখনি স্মাৰক পত্ৰ, কিতাপৰ টোপোলা, ভাৰত মাতৃৰ এখনি ফটোৰ সৈতে নগদ ৫০ হেজাৰ টকা অাগবঢ়োৱা হয় সাংবাদিকগৰাকীক ।অনুষ্ঠানটিৰ অংশ হিচাপেই মহানগৰীৰ তিনিগৰাকী জ্যেষ্ঠ সাংবাদিক ক্ৰমে দৈনিক অসমৰ জীতেন্দ্ৰ চৌধুৰী, আমাৰ অসমৰ সাম্য ভৰদ্বাজ আৰু দুৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীৰ শেৱালী কলিতাকো সম্বৰ্ধনা জনোৱা হয় ।
অনুষ্ঠানটিত উপস্থিত থাকি বিশিষ্ট সাহিত্যিক ৰূপম বৰুৱাই তেখেতৰ সাংবাদিকতা জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত বিভিন্ন প্ৰকাৰে তেওঁক সহায় কৰা কেইবাগৰাকীও বৰেণ্য ব্যক্তি যেনে ত্ৰিনেশ বৰুৱা, ৰবিজিৎ চৌধুৰী, দিগন্ত খাৰঘৰীয়া, ৰমেন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, কমল গগৈ, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, চন্দ্ৰ প্ৰসাদ শইকীয়া, দি এন চক্ৰৱৰ্তী তথা আহ বহুকেইগৰাকীক ব্যক্তিক স্মৰণ কৰে । বিশিষ্ট সাংবাদিকগৰাকীয়ে ইয়াৰ সৈতেই উল্লেখ কৰে যে, সময় সাপেক্ষে সাংবাদিকতাৰ ক্ষেত্ৰ (ছপা মাধ্যমৰ পৰা ডিজিটেল লৈ) সলনি হ'ব পাৰে কিন্তু সকলো সাংবাদিকৰে উক্ত তিনিটা গুণ থকাতো প্ৰয়োজনীয় - সাহস, সততা আৰু মানৱীয়তা ।
শনিবাৰে বৰবাৰীস্থিত সুদৰ্শনালয়ত অনুষ্ঠিত এই অনুষ্ঠানটিত উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অখিল ভাৰতীয় সহ-প্ৰচাৰ মুৰব্বী নৰেন্দ্ৰ কুমাৰ দেৱে মন্তব্য প্ৰদান কৰে যে, অতীজৰে পৰাই সংবাদ মাধ্যমৰ কৰ্তব্য হৈছে সত্য আৰু সমাজ কল্যাণৰ মাজৰ ভাৰসাম্যতা ৰক্ষা কৰা । কেৱল এয়াই নহয় বৰং মনুস্মৃতিৰ প্ৰখ্যাত শ্লোক "সত্যম ব্ৰুয়াত, প্ৰিয়াম ব্ৰুয়াত"ৰ প্ৰসংগ মৰ্মে নৰেন্দ্ৰ কুমাৰ দেৱে কয় যে, বৰ্তমান বহু সংবাদকৰ্মী বা প্ৰতিষ্ঠানে তেওঁলোকৰ স্বাৰ্থৰক্ষাৰ বাবে ভুৱা বাতৰি পৰিৱেশন কৰাত মনোনিৱেশ কৰে । সমাজে তেনে বাতৰি অৱশ্যে প্ৰত্যাখান কৰে বুলিও জনাই বিশিষ্ট অতিথিগৰাকীয়ে ।
ইয়াৰ সৈতেই নৰেন্দ্ৰ কুমাৰে দেশৰ প্ৰথমখন হিন্দীভাষিক সাপ্তাহিক বাতৰি-কাকত উদান্ত মাৰ্টাণ্ডৰ কথা ক'বলৈ গৈ উল্লেখ কৰে যে, সেই বাতৰি কাকতখনৰো আৰম্ভণি নাৰদ জয়ন্তীৰ (৩০ মে', ১৮২৬)ৰ দিনাই হৈছিল । কিন্তু আজিও বহু সাংবাদিকে নাৰদক বিশ্বৰ প্ৰথম সফল যোগাযোগকৰ্তাৰূপে মানি ল'বলৈ টান পাই । অৱশ্যে শেহতীয়াকৈ ভাৰতৰ বিভিন্ন প্ৰান্তত নাৰদ জয়ন্তী উদযাপন কৰা প্ৰত্যক্ষ কৰা বুলিও জনাই নৰেন্দ্ৰ কুমাৰে ।
বিশ্ব সম্বাদ কেন্দ্ৰ অসমে আয়োজন কৰা অনুষ্ঠানটোত গুৰু প্ৰসাদ মেধি, কিশোৰ শিৱম, উৎপল দত্ত, সুনীল মোহান্তি, খগেন গোস্বামী, পৰমেশ দত্ত, নবা বুজাৰগুৰিয়া, জগদীন্দ্ৰ ৰায়চৌধুৰী, নম্ৰতা দত্ত, দ্বিজেন বৰঠাকুৰ, সুৰঞ্জন দত্ত, নৱদীপী সোম্যু মূত্ৰী সোদীপী আদি ও উপস্থিত আছিল।