যোৰহাট ক্ৰীড়া সন্থাৰ উদ্যোগত ১০ আগষ্টৰ পৰা য়ুথ ফুটবল লীগ

যোৰহাট ক্ৰীড়া সন্থাৰ উদ্যোগত ১০ আগষ্টৰ পৰা য়ুথ ফুটবল লীগ

ডিজিটেল সংবাদ,যোৰহাট : শতবৰ্ষ গৰকা যোৰহাট ক্ৰীড়া সন্থাৰ উদ্যোগত বৃহস্পতিবাৰে এখন প্ৰতিনিধি সভাৰ আয়োজন হয়। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ পঞ্জীয়নভুক্ত 'এ' ডিভিজন, 'বি' ডিভিজন,উপ-ক্ৰীড়া সন্থা আৰু গ'ল্ডেন বেবী লীগত অংশগ্ৰহণ কৰা দলসমূহকলৈ যোৰহাট জিলা ক্ৰীড়া সন্থা সভাকক্ষত এই সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত সভাপতিত্ব কৰে জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে। সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে সভাৰ উদেশ্য ব্যাখ্যা কৰে। এই সভাত অসম ফুটবল সন্থাৰ উপ-সভাপতি তথা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে আদৰণি ভাষণ আগবঢ়ায়।

তেওঁ কয় যে, সৰ্বভাৰতীয় ফুটবল সন্থাই 'লক্ষ্য ২০৪৭' নামাকৰণে ভাৰতবৰ্ষত ফুটবল গতিশীল ৰূপত প্ৰতিষ্ঠিত কৰিবলৈ বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ১৩, ১৫ আৰু ১৭ বছৰ অনূৰ্দ্ধ য়ুথ লীগ ল'ৰা-ছোৱালী উভয় শাখাত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰথম প্ৰচেষ্টা আৰু এই পদক্ষেপক ভাৰতৰ সকলো ৰাজ্যলৈ সৰ্ব ভাৰতীয় ফুটবল সন্থাই নিৰ্দেশনা দিছে।

এই ক্ষেত্ৰত অসম ফুটবল সন্থাই উঠি অহা যুৱ প্ৰজন্মই ভৱিষ্যতে আগবাঢ়ি যাব পৰা উল্লেখনীয় পদক্ষেপ বুলি বিবেচনা কৰি প্ৰতিখন জিলালৈ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি অসম ফুটবল সন্থাৰ উপ-সভাপতিগৰাকীয়ে বক্তব্যত উল্লেখ কৰে। এই সভাত উপস্থিত থাকি 'এ' ডিভিজন, 'বি' ডিভিজন, উপ-ক্ৰীড়া সন্থা আৰু গ'ল্ডেন বেবী লীগত অংশগ্ৰহণ কৰা দলসমূহে সমৰ্থন আগবঢ়াই কেইবাগৰাকী প্ৰতিনিধিয়ে বক্তৃতা প্ৰদান কৰে।

ইফালে ১০ আগষ্টৰ পৰা হ'ব লগা য়ুথ ফুটবল লীগ প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে ক্লাব আৰু উপ-ক্ৰীড়া সন্থাসমূহৰ যোগদানৰ বাবে জিলা ক্ৰীড়া সন্থাই যোগদান পৰ্ব মুকলি কৰিছে। উল্লেখযোগ্য যে ১৩ বছৰ অনূৰ্দ্ধ শাখাত অংশগ্ৰহণ কৰা খেলুৱৈসকল ১ জুলাই ২০১১ চনৰ পৰা ৩১ মে' ২০১২ চনৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব।

আনহাতে ১৫ বছৰ অনূৰ্দ্ধ শাখাত অংশগ্ৰহণ কৰা খেলুৱৈসকল ১ জুন ২০০৯ চনৰ পৰা ৩১ মে' ২০১০ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। ১৭ বছৰ অনূৰ্দ্ধ শাখাত অংশগ্ৰহণ কৰা খেলুৱৈসকল ১ জুন ২০০৭ চনৰ পৰা ৩১ মে' ২০০৮ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব।

অহা ১০ আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনিত ইচ্ছুক দলসমূহে ৩ আগষ্টৰ ভিতৰত যোগদান নিশ্চিত কৰিব লাগিব বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰে। লগতে বয়সৰ প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত খেলুৱৈগৰাকীৰ আৰ্ধাৰ কাৰ্ডহে গ্ৰহণ কৰা হ'ব বুলি সিদ্ধান্ত লয়।

ইচ্ছুকসকলে প্ৰতিযোগিতাখন সন্দৰ্ভত সবিশেষ জানিবৰ বাবে ৯৯৫৭২১৫৭৬০, ৭০০২৯০০৩০৭ অথবা ৮৬৩৮২২৫৬৭৪ নম্বৰত যোগাযোগ কৰিবলৈ সন্থাই অনুৰোধ জনায়।

যোৰহাট ক্ৰীড়া সন্থাৰ উদ্যোগত ১০ আগষ্টৰ পৰা য়ুথ ফুটবল লীগ
ঘিলামৰা মণ্ডল কংগ্ৰেছৰ সভাপতি ধনীৰাম ভঁৰালীৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in