ঘিলামৰা মণ্ডল কংগ্ৰেছৰ সভাপতি ধনীৰাম ভঁৰালীৰ বিয়োগ

ঘিলামৰা মণ্ডল কংগ্ৰেছৰ সভাপতি ধনীৰাম ভঁৰালীৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
ঘিলামৰা মণ্ডল কংগ্ৰেছৰ সভাপতি ধনীৰাম ভঁৰালীৰ বিয়োগ

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঘিলামৰাৰ সমাজ জীৱনৰ সৈতে জড়িত এগৰাকী সমাজ সংগঠক, ঘিলামৰা মণ্ডল কংগ্ৰেছ সমিতিৰ সভাপতি তথা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন নিষ্ঠাৱান কৰ্মী ধনীৰাম ভঁৰালীৰ বিয়োগ। বৃহস্পতিবাৰে দুপৰীয়া ঘিলামৰা ঘাহি গাঁৱৰ বাসগৃহত ভঁৰালীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

Advertisment

উল্লেখ্য যে, কিছুদিন ধৰি সমাজ সংগঠক ভঁৰালী ৰোগাক্ৰান্ত হৈ আছিল। আমৃত্যু ঘিলামৰা মণ্ডল কংগ্ৰেছৰ সভাপতি হিচাবে সততাৰে সেৱা আগবঢ়াই যোৱা ভঁৰালীয়ে মৃত্যুৰ সময়ত পত্নী হেমদা হাজৰিকা,২ পুত্ৰ আৰু দুগৰাকী কন্যাসহ অগণন ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়।

মৃত্যুৰ সময়ত ধনীৰাম ভঁৰালীৰ বয়স হৈছিল প্ৰায় ৭১ বছৰ । দলৰ এগৰাকী সক্ৰিয় আৰু কৰ্মঠ মণ্ডল সভাপতিৰ বিয়োগত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে, ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়া, ব্লক যুৱ কংগ্ৰেছৰ সভাপতি দেৱজিৎ হাজৰিকা,প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি গুণ হাজৰিকা, ঘিলামৰা ব্লক মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা পল্লৱীতা বৰুৱা, ঘাহি গাঁও উন্নয়ন সমিতি আদি বিভিন্ন ব্যক্তি-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।লগতে বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Also Read: যোৰহাট জিলা গ্ৰীষ্মকালীন ক্ৰিকেট শিবিৰৰ সামৰণি

ghilamara congress