/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/ce79f1bd-ecfc-4f79-bd71-e42efcbeb856/4.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ অসমৰ খেল জগতলৈ এটি সুখ বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল যোৰহাটৰ এগৰাকী জ্যেষ্ঠ খেলুৱৈ ডাঃ গোলাপ ডেকাই। যোৰহাটৰ বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ জ্যেষ্ঠ চিকিৎসক ডাঃ গোলাপ ডেকাই ২০২৫ চনত টাইৱানত অনুষ্ঠিত হ'বলগীয়া বিশ্ব মাষ্টাৰ্ছ গেমছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈ সমগ্ৰ অসমৰ লগতে যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে ডাঃ ডেকাই সদ্য সমাপ্ত গোৱাত অনুষ্ঠিত ষষ্ঠ তম্ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছ গোৱা ২০২৪ত যোৰহাটৰ খেলুৱৈজনে অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰি ৭০ বছৰ উদ্ধৰ্ধৰ শাখাত যোগ আৰু ডাৰ্ট প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক অৰ্জন কৰি বিশ্ব মাষ্টাৰ্ছ গেমছ চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হোৱাত যোৰহাট জিলাৰ এই খেলুৱৈ গৰাকীক সকলোৱে অভিনন্দন জনাইছে।
Also Read: ৰাহুলৰ লগতে থাকিব অখিলেশ! উত্তৰ প্ৰদেশত কংগ্ৰেছ-সমাজবাদীৰ মিত্ৰতা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us