আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ খেলপথাৰত চলি থকা তৃতীয় নিলয় দত্ত সোঁৱৰণী আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাত সোমবাৰে অসম বিশ্ববিদ্যালয়ে ২৪ ৰাণত জয়লাভ কৰাৰ উপৰিও কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে বিশাল ৰয়ৰ বিস্ফোৰক শতৰাণৰ সহায়ত ১৯৮ ৰাণৰ বৃহৎ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ খেলপথাৰত চলি থকা তৃতীয় নিলয় দত্ত সোঁৱৰণী আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাত সোমবাৰে অসম বিশ্ববিদ্যালয়ে ২৪ ৰাণত জয়লাভ কৰাৰ উপৰিও কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে বিশাল ৰয়ৰ বিস্ফোৰক শতৰাণৰ সহায়ত ১৯৮ ৰাণৰ বৃহৎ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হৈছে।

Advertisment

আজি প্ৰতিযোগিতাখনৰ দুখন খেল অনুষ্ঠিত হয় আৰু তাৰে প্ৰথমখন খেলখন অনুষ্ঠিত হয় অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ মাজত। খেলখনত অসম বিশ্ববিদ্যালয়ে প্ৰথমে বেটিং কৰি অমন সিঙৰ ৫৩ ৰাণৰ সহায়ত ৭টা উইকেটৰ বিনিময়ত ১৩৫ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ৮ টা উইকেটৰ বিনিময়ত ১১১ ৰাণতে ইনিংছ সামৰণি পৰে।

ইফালে প্ৰতিযোগিতাখনৰ দ্বিতীয়খন খেলত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত হোৱা খেলখনত মুক্ত বিশ্ববিদ্যালয়ে প্ৰথমে বেটিং কৰিবলৈ লৈ বিশাল ৰয়ৰ ৬২ টা বলত ১৮ টা ছয় ১১ টা চাৰিৰে বিস্ফোৰক ১৭৮ ৰাণৰ উপৰিও মহম্মদ কাইফৰ ৫৮ ৰাণৰ সহায়ত ৫ টা উইকেটৰ বিনিময়ত ২৯৯ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত অসম কৃষি বিশ্ববিদ্যালয়ে মাত্ৰ ১০১ ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে।

Also Read: আহিছে CAA: দেশবাসীক সম্বোধন কৰিব মোডীয়ে, আন্দোলনলৈ সাজু বিৰোধী...

assam agriculre university Assam Downtown University KKHSOU inter university games