আহিছে CAA: দেশবাসীক সম্বোধন কৰিব মোডীয়ে, আন্দোলনলৈ সাজু বিৰোধী...

নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিৰ কিয় এই তৎপৰতা
আহিছে CAA: দেশবাসীক সম্বোধন কৰিব মোডীয়ে, আন্দোলনলৈ সাজু বিৰোধী...
আহিছে CAA: দেশবাসীক সম্বোধন কৰিব মোডীয়ে, আন্দোলনলৈ সাজু বিৰোধী...

ডিজিটেল ডেস্কঃ আজি নিশা ৮ বজাত জাৰি হ'ব নাগৰিকত্ব সংশোধনী আইনৰ কাৰ্যবিধি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতমধ্যে লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰী হোৱাৰ পূৰ্বেই দেশজুৰি নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হ'ব বুলি ঘোষণা কৰিছে। গৃহমন্ত্ৰীৰ এনে ঘোষণাৰ পাছৰে পৰা দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ আন্দোলনৰ এক পৰিৱেশ গঢ়ি উঠিছে।

সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বহু সংগঠনৰ লগতে বিৰোধী ৰাজনৈতিক দলসমূহে ইয়াৰ বিৰোধিতাৰে প্ৰতিবাদ আৰম্ভ কৰিছে। তাৰ মাজতে ১১মাৰ্চ, সোমবাৰে গৃহমন্ত্ৰণালয়ৰ সৈতে ৰাজ্যসমূহৰ মুখ্য সচিব, ডিজিপিৰ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বৈঠক অনুষ্ঠিত হৈছে।

এই বৈঠকত যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ ৰাজ্য প্ৰশাসনসমূহক নিৰ্দেশ দিয়া হৈছে। সমান্তৰালকৈ আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভতেই যে মোডীয়ে দেশবাসীক সম্বোধন কৰিব সেয়া প্ৰায় নিশ্চিত।

ইফালে আজি নিশা নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ আনুষ্ঠানিক ঘোষণা কৰাটো নিশ্চিত হৈ পৰাত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ফেচবুকৰ জৰিয়তে ৰাজ্যবাসীক গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছে। সমান্তৰালকৈ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি থকাৰ অৱস্থাৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্ব উজান বজাৰস্থিত ছহিদ ন্যাসলৈ ৰাওনা হোৱাৰ খবৰ লাভ কৰা গৈছে।

আনহাতে বিভিন্ন জিলাত পূৰ্বৰে পৰা জিলা আৰক্ষী প্ৰশাসনে বহু সংগঠনৰ নেতাক আন্দোলন নকৰাৰ বাবে চুক্তি পত্ৰত স্বাক্ষৰ কৰাই লৈছে। প্ৰশাসনৰ এনে কাৰ্যক সংবিধান প্ৰদত্ত অধিকাৰ খৰ্ব কৰা বুলি সমাৱলোচনা কৰিছে ৰাজ্যৰ জ্যেষ্ঠ অধিবক্তাসকলৰ লগতে সংগঠনসমূহৰ নেতৃত্বই। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঁহৰ বেৰিকেড নিৰ্মাণ কৰি ইতিমধ্যে সাম্ভাব্য আন্দোলনৰ পৰিস্থিতিৰ সৈতে মোকাবিলা হ'বলৈ সাজু হৈ আছে প্ৰশাসন।

উল্লেখ্য যে, ২০১৯ চনত বিজেপি দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত দেশজুৰি সৃষ্টি হোৱা ব্যাপক আন্দোলন, প্ৰতিবাদৰ মাজতে গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী আইন। এই আইন অনুসৰি বাংলাদেশ, পাকিস্তান, আফাগানিস্তান আদি দেশত ধৰ্মীয় উৎপীড়নৰ বাবে হিন্দু, বৌদ্ধ, শিখ, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে ভাৰতত আশ্ৰয় বিচাৰিলে তেনে তেওঁলোকক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হ'ব।

স্মৰ্তব্য যে, নাগৰিকত্ব সংশোধনী আইন ২০১৯ তেই গৃহীত সুদীৰ্ঘ ৫ টা বছৰে এই আইনৰ কোনো কাৰ্যবিধি তৈয়াৰ হোৱা নাছিল। ইয়াৰ বাবে বাৰে বাৰে কাৰ্যবিধি তৈয়াৰ কৰিবলৈ সংসদীয় সচিবালয়ে আৱেদন কৰি অধিক সময় বিচাৰি আহিছিল।

ইতিমধ্যে নাগৰিকত্ব সংশোধনী আইনৰ কাৰ্যবিধিসমূহ তৈয়াৰ হৈছে। মূলতঃ লোকসভা নিৰ্বাচনত হিন্দু ভোটাৰক আকৰ্ষিত কৰিবলৈ আৰু হিন্দুত্ববাদী এক আৱেগ সৃষ্টি কৰিবলৈকে নিৰ্বাচনৰ ঠিক প্ৰাকক্ষণত বিজেপি চৰকাৰে এই আইন কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে বুলিও চৰ্চা হৈছে। কিন্তু উচ্চতম ন্যায়ালয়ৰ বিচাৰাধিন এখন আইন কিদৰে কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে বুলিও প্ৰশ্ন উত্থাপিত হৈছে সৰ্বত্ৰে। বহুতৰে প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পূৰ্বেই কিয় এই আইনখনক লৈ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এনে তৎপৰতা?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in