/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/511266aa-c826-48ca-b1c3-43e0181d5423/titabor_28.jpg)
তিতাবৰত ৰে'লৰ পৰা পৰি অচিনাক্ত মহিলাৰ মৃত্যু...
ডিজিটেল সংবাদ তিতাবৰঃ তিতাবৰত অঘটন।নামনিমুৱা তিনিচুকীয়া-লামডিং যাত্ৰীবাহী ৰে'লৰ পৰা নমাৰ সময়তে গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা।
ইয়াৰ পাছতে ততাতৈয়াকৈ আহত মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত তেওঁক মৃত বুলি ঘোষণা কৰা হয়। উল্লেখ্য যে, মহিলাগৰীয়া আঘাত পোৱাৰ পাছতে তেওঁ চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ ১০৮ সেৱাৰ সৈতে তিতাবৰৰ গ্ৰাম্য সাংবাদিক সন্থাৰ সদস্যসকলে যোগাযোগ কৰিছিল যদিও কোনো সহাৰি লাভ নকৰিলে।
নিহত মহিলাগৰাকীৰ নাম ঠিকনা বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই। তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ৰে'ল আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো চমজি লৈছে। তেওঁলোকে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
Also Read: শুকাল সোৱণশিৰিঃ বন্ধ হ'ল মাজুলী-লখিমপুৰ ফেৰী সেৱা, নৈৰ মাজত চলিছে মটৰ চাইকেল...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us