শুকাল সোৱণশিৰিঃ বন্ধ হ'ল মাজুলী-লখিমপুৰ ফেৰী সেৱা, নৈৰ মাজত চলিছে মটৰ চাইকেল...

শুকাল সোৱণশিৰিঃ বন্ধ হ'ল মাজুলী-লখিমপুৰ ফেৰী সেৱা, নৈৰ মাজত চলিছে মটৰ চাইকেল...

author-image
Asomiya Pratidin
New Update
শুকাল সোৱণশিৰিঃ বন্ধ হ'ল মাজুলী-লখিমপুৰ ফেৰী সেৱা, নৈৰ মাজত চলিছে মটৰ চাইকেল...

শুকাল সোৱণশিৰিঃ বন্ধ হ'ল মাজুলী-লখিমপুৰ ফেৰী সেৱা, নৈৰ মাজত চলিছে মটৰ চাইকেল...

ডিজিটেল সংবাদ মাজুলীঃ মাজুলীতো শুকাই গ'ল সোৱণশিৰি। মাজুলীৰ চেনীমৰা, বালিজান, কংকুৰ পাঠলি পাৰঘাটত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি। নৈখনৰ পানী শুকাই যোৱাৰ ফলত বন্ধ হৈ পৰিছে যন্ত্ৰ চালিত ফেৰীৰ চলাচল।

Advertisment

উল্লেখ্য যে, শুকুৰবাৰে নামনি সোৱণশিৰিত নিৰ্মিত বৃহৎ নদীবান্ধৰ কাৰ্যক্ষম হৈ থকা একমাত্ৰ ডাইভাৰ্ছন টানেলৰ সন্মুখ ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰাত মাত্ৰ ২ ঘণ্টাতে শুকাই যায় সোৱণশিৰি নদী। ফলত নৈখনৰ নামনি অংশতো এতিয়া পানী শুকাই গৈছে। এনে পৰিস্থিতিৰ প্ৰভাৱ আজি দেখা গৈছে লখিমপুৰ-মাজুলী সংযোগী ফেৰীঘাটত।

নৈখনৰ বক্ষ শুকাই যোৱাত এতিয়া অতি বিপদসংকুলভাৱে একাংশ ফেৰীৰ চলাচল হৈ আছে যদিও স্বাভাৱিক ফেৰী সেৱা বন্ধ হৈ পৰিছে। নৈখনৰ এনে ভয়ংকৰ ৰূপ দেখি এতিয়া চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ।

নিশাৰ ভিতৰতে অস্বাভাৱিক ভাবে সোৱণশিৰি শুকাই যোৱাত চেনীমৰা, বালিজান, কংকুৰ পাঠলি ঘাটৰ যন্ত্ৰ চালিত নাওঁ সমূহ অন্য ঠাইলৈ স্থানান্তৰ কৰা হৈছে। নৈখনৰ এনে তৰাং অৱস্থাত নৈৰ মাজেৰে চলিছে মটৰ চাইকেল।

Also Read: ২ নৱেম্বৰৰ পুৱা সংসদৰ এথিক্স কমিটীৰ কাষত উপস্থিত হ'ব লাগিব মহুৱা মৈত্ৰ...

সোৱণশিৰি