অসম কৃষি বিশ্ববিদ্যালয়ত "প্ৰাকৃতিক কৃষি" বিষয়ক দুদিনীয়া উচ্চস্তৰীয় কৰ্মশালা...

অসম কৃষি বিশ্ববিদ্যালয়ত "প্ৰাকৃতিক কৃষি" বিষয়ক দুদিনীয়া উচ্চস্তৰীয় কৰ্মশালা...

ডিজিটেল সংবাদ, যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যায়ত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰাকৃতিক কৃষিৰ বিশেষ কৰ্মশালা । এই কৰ্মশালাখনত অংশগ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: প্ৰসন্ন কুমাৰ পাঠকে কয় যে, "পৰম্পৰাগতভাৱে লাভ কৰা জ্ঞানৰ জৰিয়তে সুচিন্তিত পৰিকল্পনাৰে অসমৰ কৃষিক্ষেত্ৰৰ সামগ্ৰিক উত্তৰণ ঘটাব পৰা যাব । ইয়াৰ বাবে আজিৰ উদ্ভাৱন আৰু আমাৰ পৰম্পৰাৰ প্ৰজ্ঞাৰ সমন্বিত প্ৰয়াসেৰে অসমৰ কৃষিৰ পুনৰ প্ৰতিচ্ছবি দাঙি ধৰিব লাগিব ।"

খাদ্য সুৰক্ষাৰ বাবে সময়ৰ আহ্বানত আমি পৰম্পৰাগত কৃষিক অধিক কাষ চপাই আনিব লাগিব বুলি উল্লেখ কৰি শিক্ষা সঞ্চালক গৰাকীয়ে কয় যে, "পৰম্পৰাগত কৃষিৰ পৰা বৰ্তমানৰ কৃষিলৈকে সামগ্ৰিক পৰিক্ৰমাত কিছু বিকল্প আছে আৰু সেই বিকল্পসমূহ আগবঢ়াই আনি আমি কৃষিক আগুৱাই নিব লাগিব। পৰম্পৰাগত জ্ঞান আৰু আমাৰ গো কেন্দ্ৰিক কৃষিৰ লাভালাভ আৰু উপকাৰিতাৰ দিশেৰে ইয়াক বিবেচনা কৰিব লাগিব।"

বিশ্ববিদ্যালয়ৰ বৰ্ড ৰূমত অনুষ্ঠিত এই কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আই চি এ আৰ সিদ্ধগিৰি, কৃষি বিজ্ঞান কেন্দ্ৰ, কানেৰী, কলাহপুৰ, মহাৰাষ্ট্ৰৰ অধ্যক্ষ পি পি শ্ৰীকদাসিদ্ধেশ্বৰে পৰম্পৰাগত কৃষি পদ্ধতিৰ যথোচিত ব্যৱহাৰ আৰু উত্তৰণৰ জৰিয়তে ৰাসায়নিক মুক্ত কৃষিকাৰ্য আগবঢ়াই নিয়াৰ আহ্বান জনায়। সেয়েহে প্ৰাকৃতিক কৃষি বা জৈৱিক কৃষি বা অজৈৱিক কৃষি আদি ধাৰণাৰ পৰিৱৰ্তে অধ্যক্ষগৰাকীয়ে ৰাসায়নিক প্ৰভাৱমুক্ত খেতি হিচাপে আগবঢ়াৰ পোষকতা কৰে। তদুপৰি অধ্যক্ষগৰাকীয়ে পৰম্পৰাগত বীজৰ জৰিয়তে খেতি কৰি উৎপাদন কম হ'লেও অধিক পৌষ্টিক গুণসম্পন্ন ফচল লাভ কৰি সুস্থ স্বাস্থ্যৰ অধিকাৰী হ'ব পৰা যায় বুলি উল্লেখ কৰে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত অসমৰ ২৩টা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী, প্ৰকল্প বিজ্ঞানী আৰু বিষয়বস্তু বিশেষজ্ঞৰ উপস্থিতিত অনুষ্ঠিত এই কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক (ভাৰপ্ৰাপ্ত) ড: মৃণাল শইকীয়া, কৃষি বিজ্ঞানগুৰু ড: জয়ন্ত ডেকা আৰু ছাত্ৰ কল্যাণ সঞ্চালক ড: ৰাণা প্ৰতাপ ভূঞায়ো অংশগ্ৰহণ কৰে।

অসম কৃষি বিশ্ববিদ্যালয়ত "প্ৰাকৃতিক কৃষি" বিষয়ক দুদিনীয়া উচ্চস্তৰীয় কৰ্মশালা...
আহি আছে 'বিপৰ্যয়'! পাকিস্তানবাসীকো মন্ত্ৰীৰ সতৰ্কবাণী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in