মেৰাপানীত পিষ্টল সহ দুজন আটক...

মেৰাপানীত পিষ্টল সহ দুজন আটক...

ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানীত পিষ্টল সহ দুজনক আটক কৰিছে আৰক্ষীয়ে। যোৰহাট আৰক্ষীৰ এটা বৃহৎ দলে মেৰাপানী আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই বলিন গগৈ আৰু গোপাল কছাৰী নামৰ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে।

ধৃত যুৱক দুজনৰ পৰা আৰক্ষীয়ে এটা .২২ পিষ্টল আৰু তিনি জাঁই সজীব গুলী জব্দ কৰিছে। দীৰ্ঘ সময়ৰ পৰা এই দুই যুৱকে বাইক চোৰৰ লগত জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে। মঙলবাৰে যোৰহাট আৰক্ষীৰ ডিএছপি কৌশিক কলিতাৰ নেতৃত্বত অহা এটা দলে অভিযান চলাই অসম নাগালেণ্ড সীভান্তৰ ক'লাজানৰ পৰা আটক কৰে লোক দুজনক।

মেৰাপানীত পিষ্টল সহ দুজন আটক...
বজালীত দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰদৰ্শনীমূলক অনুশীলন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in