বজালীত দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰদৰ্শনীমূলক অনুশীলন...

বজালীত দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰদৰ্শনীমূলক অনুশীলন...

author-image
Asomiya Pratidin
New Update
বজালীত দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰদৰ্শনীমূলক অনুশীলন...

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ মঙলবাৰে বজালীত বানপানীৰ সময়ত সৃষ্টি হব পৰা জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এক প্ৰদৰ্শনীমূলক অনুশীলন অনুষ্ঠিত কৰা হয়। জিলা আয়ুক্ত কাৰ্য্যালয়ত, এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ন, পাটগাও গুৱাহাটীৰ উদ্যোগত আৰু বজালী জিলা দুৰ্যোগ প্ৰাধিকৰণৰ সহযোগত এই প্ৰদৰ্শনীমূলক অনুশীলন অনুষ্ঠিত কৰে।

উক্ত অনুশীলনত এছ ডি আৰ এফ পাঠশালা, পশু চিকিৎসকৰ এটা দলৰ লগতে স্বাস্থ্য বিভাগৰ এটা দলেও অংশগ্ৰহণ কৰে। ইয়াৰোপৰি বজালী জিলা দূৰ্যোগ ব্যৱস্থাপনাৰ ভাৰপ্ৰাপ্ত জিলা প্ৰকল্প বিষয়া জিয়াউৰ ৰহমান, দুৰ্যোগ ব্যৱস্থাপনাৰ বজালী ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া শংকৰ নাথ আৰু সৰুপেটা ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া সত্যজিৎ দাসৰ লগতে "আপদা মিত্ৰ"ৰ স্বেচ্ছাসেৱক সকলোৱে অংশগ্ৰহণ কৰে।

Also Read: স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি চৰম সিদ্ধান্ত ল'লে দেৱলীনা সোণোৱালে!

bajali awarness camp