Advertisment

যোৰহাটৰ লিচুবাৰীৰ সেনা চাউনীৰ গ্ৰেণেড বিস্ফোৰণৰে জড়িত থকাৰ অভিযোগত দুজনক আটক...

যোৰহাটৰ লিচুবাৰীৰ সেনা চাউনীৰ গ্ৰেণেড বিস্ফোৰণৰে জড়িত থকাৰ অভিযোগত দুজনক আটক...

author-image
Asomiya Pratidin
New Update
যোৰহাটৰ লিচুবাৰীৰ সেনা চাউনীৰ গ্ৰেণেড বিস্ফোৰণৰে জড়িত থকাৰ অভিযোগত দুজনক আটক...

যোৰহাটৰ লিচুবাৰীৰ সেনা চাউনীৰ গ্ৰেণেড বিস্ফোৰণৰে জড়িত থকাৰ অভিযোগত দুজনক আটক...

ডিজিটেল সংবাদ তিতাবৰঃ তিতাবৰত আলফাৰ লিংকমেনৰ সন্দেহত আৰক্ষীৰ আতিশায্যৰ বলি হৈ আত্মহত্যাৰ পথ বাচি লোৱা দীপাংকৰ গগৈৰ ন্যায়ৰ বাবে ৰাইজ তথা বিভিন্ন দল, সংগঠনে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি থকাৰ সময়তে আৰক্ষীৰ অনুসন্ধানেও নতুন গতি লাভ কৰিছে। যোৱা ১৪ ডিচেম্বৰত যোৰহাটৰ লিচুবাৰীৰ সেনা চাউনীত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে।

Advertisment

আনহাতে জব্দ কৰা হৈছে ঘটনাত ব্যৱহৃত এখন পালচাৰ বাইক। বাইকখনৰ নম্বৰ এ এছ ০৩ এ জি ৯৯৪৫। ধৃত দুই যুৱক ক্ৰমে অচ্যুত গগৈ আৰু এজনৰ নাম বিৰাজ কছাৰী।

ইয়াৰে অচ্যুত গগৈৰ ঘৰ তিতাবৰৰ ৰঙাজানৰ ২ নং মৰাণ গাঁৱত। পেছাত তেওঁ গাড়ীৰ হেণ্ডিমেন। আনহাতে বিৰাজ কছাৰীও তিতাবৰৰ এটা তেল ডিপোত শ্ৰমিকৰূপে কৰ্মৰত।

আৰক্ষীয়ে বিৰাজ কছাৰীক তিতাবৰৰ পৰা আটক কৰাৰ লগতে অচ্যুত গগৈক মৰামৰ খটখটি অঞ্চলত এখন ট্ৰাকত ডিব্ৰুগড়ৰ পৰা যোৰহাট অভিমুখে আহি থকা অৱস্থাত আটক কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দীপাংকৰ গগৈৰ মোবাইলৰ পৰা পোৱা তথ্যৰ ভিত্তিতে এই দুই যুৱকক আটক কৰিবলৈ সক্ষম হৈছে।

অৱশ্যে এই সন্দৰ্ভত সবিশেষ আৰক্ষীয়ে জনোৱা নাই। ইয়াৰ বিপৰীতে দীপাংকৰ গগৈয়ে আত্মহত্যা কৰা ঘটনা সন্দৰ্ভত প্ৰতিবাদ এতিয়াও অব্যাহত আছে। স্থানীয় ৰাইজ আৰু দল, সংগঠনেৈ অসম চৰকাৰে ঘোষণা কৰা তদন্ত প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত যোৰহাটৰ আৰক্ষী অধীক্ষক মোহনলাল মীনাক তাৎক্ষণিকভাৱে নিলম্বনৰ দাবী জনাইছে।

বৃহস্পতিবাৰে দীপাকংৰ গগৈৰ আত্মহত্যা সন্দৰ্ভত তেওঁৰ বায়েক ৰিমলী গগৈ শইকীয়াই যোৰহাট আৰক্ষী অধীক্ষক বিৰুদ্ধে দাখিল কৰা এজাহাৰ পঞ্জীয়নভুক্ত কৰি তদন্তকাৰী বিষয়া নিৰুপমা দাসে পৰিয়ালৰ সাক্ষী গ্ৰহণ কৰিছে। কিন্তু সাক্ষ গ্ৰহণৰ অন্তত অভিযোগকাৰীৰ পৰা কোনো প্ৰতিলিত স্বাক্ষৰ নোলোৱাত দোষী বিষয়াগৰাকীক নিৰাপত্তা দিবলৈহে উঠিপৰি লাগিছে বুলি অভিযোগ উত্থাপন হৈছে।

Also Read: আলফাৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰি গ্ৰেপ্তাৰ হ'ল চৰকাৰী কৰ্মচাৰী...

গ্ৰেণেড বিস্ফোৰণ আলফা