/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3c6cd000-aec7-4153-94e2-e3937f8c663e/185.jpg)
ডিজিটেল সংবাদ, তিতাবৰ : তিতাবৰ মহকুমাৰ বৰহোলাত চাহ জনজাতি ছাত্ৰ সন্থাৰ বৰহোলা উপ শাখাৰ উদ্যোগত সংগঠনটোৰ প্ৰতিষ্ঠাপক সম্পাদক সন্তুষ কুমাৰ তপ্নৰ ২৯ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানত আটছাৰ বৰহোলা উপ শাখাৰ সভাপতি সুমন কিছান, তিতাবৰ শাখাৰ উপ সভাপতি চনু তুৰী, প্ৰাক্তন আটছা নেতা মুখিয়াল তুৰী আদিৰ লগতে বৰহোলা উপ শাখাৰ অন্তৰ্গত প্ৰাথমিক সমূহৰ সদস্য-সদস্যাসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/8d1e2db2-adc2-439a-8624-f5246ceb3082/f60254ea_7bc8_48bb_b3b5_53d958e09e64.jpg)
অনুষ্ঠানত সন্তুষ কুমাৰ তপ্নক স্মৰণ কৰি বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
Also Read: ৫০০ টকাৰ বাবে কনিষ্ঠ ছাত্ৰক জ্যেষ্ঠ ছাত্ৰই নিৰ্যাতন চলোৱাৰ অভিযোগ