/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/f2bf0790-ae1e-4910-a6b0-940eac059fd1/139.jpg)
ডিজিটেল ডেস্ক : অসমৰ সুৰাপায়ীসকলৰ বাবে দুঃখবৰ। সমাগত ৰঙালী বিহুৰ পূৰ্বে ৰাজ্যত পুনৰ বৃদ্ধি পাব সুৰাৰ দাম। চৰকাৰৰে ৰাজহ বৃদ্ধি কৰাৰ লক্ষ্যৰে লৈছে এই সিদ্ধান্ত।
অহা ১ এপ্ৰিলৰ পৰা অসমত সুৰাৰ দাম ১৫২ টকাৰ পৰা ৩১২টকাপৰ্যন্ত বৃদ্ধি পাব বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি, ৭৫০ মিলি লিটাৰৰ সুৰাৰ বিপৰীতে ৩১২টকাপৰ্যন্ত দাম বৃদ্ধি পাব। জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৫২ টকা। অৱশ্যে বিভিন্ন ব্ৰেণ্ডৰ সুৰাৰ ক্ষেত্ৰত বৰ্ধিত দামৰ পৰিমাণ ভিন্ন ভিন্ন হ'ব।
আনহাতে ৭৫০ মিলি লিটাৰ বিয়েৰৰ দাম ১৬ টকাকৈ বৃদ্ধি পাব বুলি জানিব পৰা গৈছে।
Also Read: প্ৰদেশ কংগ্ৰেছ উপ-সভাপতি ৰাজু চাহুৱে ত্যাগ কৰিলে দলীয় বিষয়বাব...