তিতাবৰত বিদ্যালয়ৰ পানীৰ টেংকিত বিষাক্ত দ্ৰব্য মিশ্ৰণ দুৰ্বৃত্তৰ...

তিতাবৰত বিদ্যালয়ৰ পানীৰ টেংকিত বিষাক্ত দ্ৰব্য মিশ্ৰণ দুৰ্বৃত্তৰ...

ডিজিটেল সংবাদ, তিতাবৰ : তিতাবৰ খৰিকটিয়া উচ্চ মাধ্যমিক বিদ্যালয়ত অঘটন। বিদ্যালয়খনৰ শ শ ছাত্ৰ-ছাত্ৰী কথমপি ৰক্ষা পৰিল এক ভয়াৱহ বিপদৰ পৰা। বিদ্যালয়খনৰ পানীৰ টেংকিত কোনো লোকে মিহলি কৰি থৈছিল বিষাক্ত পদার্থ।

বিদ্যালয়খনৰ চতুর্থ বৰ্গৰ কৰ্মচাৰীয়ে কীটনাশক দ্ৰব্য মিহলিৰ কথা চকুত পৰাত সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পৰে ছাত্ৰ-ছাত্ৰীসকল। বিদ্যালয়ৰ পানী টেংকিৰ কাষতে থকা এটা কীটনাশক দ্ৰব্যৰ বটস পৰিলক্ষিত হোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। উল্লেখ্য যে, ইতিমধ্যে বান্দৰচলিয়া আৰক্ষী আহি পৰিস্থিতি বুজ লৈ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

তিতাবৰত বিদ্যালয়ৰ পানীৰ টেংকিত বিষাক্ত দ্ৰব্য মিশ্ৰণ দুৰ্বৃত্তৰ...
অসমীয়া চলচ্চিত্ৰ জগতলৈ সুনাম কঢ়িয়াই "মেড ইন নলবাৰী"য়ে জিনিলে বিশেষ সন্মান...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in