/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5d8dd634-1d32-41f2-a5ee-2d00dc1f3afd/pijush_23.jpg)
তিতাবৰত সাংবাদিকক ৰাজহুৱা ক্ষমা খুজিলে পীযুষ হাজৰিকাই...
ডিজিটেল সংবাদ তিতাবৰঃ নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে সাংবাদিকক ক্ষমা খুজিলে ৰাজ্যৰ জলসম্পদ, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। শনিবাৰে হাজৰিকাই তিতাবৰত সাংসদ তপন গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এক ৰাজহুৱা সভাৰ মঞ্চৰ পৰাই তিতাবৰৰ সাংবাদিকসকলক ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে মন্ত্ৰী হাজৰিকাই তিতাবৰত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত সাংবাদিকক দুৰ্ব্যৱবহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। বিষয়টোৱে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল।
তাৰ মাজতে শনিবাৰে মন্ত্ৰী হাজৰিকাই ৰাজহুৱা মঞ্চৰ পৰা আগন্তুক দিনত তেনেকুৱা ভুল বুজাবুজি কেতিয়াও নহয় বুলি কৈ ৰাজহুৱাকৈয়ে ক্ষমা বিচাৰে। স্মৰ্তব্য শনিবাৰে মন্ত্ৰী হাজৰিকাই তিতাবৰত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ ৰণডংকা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
এই অনুষ্ঠানত প্ৰায় ৫ হাজাৰ যুৱ মৰ্চাৰ সদস্যই অংশগ্ৰহণ কৰে। যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা সাংসদ তপন গগৈৰ হৈ এই অনুষ্ঠানৰ জৰিয়তে যুৱ মৰ্চায়ো ৰণডংকা বজায়।
কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত তিতাবৰত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক প্ৰত্যাহবান জনায় আজি অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত যুৱ মৰ্চাই শক্তি প্ৰদৰ্শন কৰে। তিতাবৰ গুদু বিবাহ ভৱন প্ৰাঙ্গনত তিতাবৰ বিধানসভা সমষ্টি ভিত্তিক অনুষ্ঠিত হয় এই 'যুৱ মৰ্চাৰ উদ্যোগত ৰণডংকা অনুষ্ঠান।
অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকাৰ উপৰিও বিধায়ক দিগন্ত কলিতা, সাংসদ পল্লবলোচন দাস, যোৰহাট লোকসভা প্ৰাৰ্থী তপন কুমাৰ গগৈ, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাঙ্কুৰ অংকুৰ বৰুৱা আদি কেইবাজনো নেতাই অংশগ্ৰহণ কৰে।
Also Read: IIT গুৱাহাটীৰ ছাত্ৰই যোগদান কৰিলে বিশ্বত্ৰাস সন্ত্ৰাসবাদী গোট ISIS ত....