বহিঃৰাজ্যলৈ গৈ সন্ধানহীন তিতাবৰৰ ব্যক্তি...

বহিঃৰাজ্যলৈ গৈ সন্ধানহীন তিতাবৰৰ ব্যক্তি...

ডিজিটেল ডেস্কঃ এজনৰ পিছত এজনকৈ বহিঃৰাজ্যত বিপদত পৰিছে অসমৰ যুৱক। শেহতীয়াকৈ যোৱা ২৩ জুলাইত কৰ্ম সংস্থাপনৰ বাবে চেন্নালৈ গৈ পশ্চিমবংগত ৰহস্যজনক ভাৱে এজন যুৱকৰ মৃত্য়ুৰ খবৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ তিতাবৰৰে এজন ব্যক্তি যোৱা কিছুদিন ধৰি সন্ধাহীন হৈ থকা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে যোৱা ১৪ জুলাইতে বেংগালুৰুলৈ গৈছিল তিতাবৰ পথাৰ শ্যাম গাঁৱৰ আইখাম চেং শ্যাম নামৰ ব্যক্তিজন। মৰিয়নিৰ পৰা ৰে'লেৰে বেংগালুৰুলৈ যোৱা আইখাম চেং শ্যাম নামৰ এই ব্যক্তিজন বেংগালুৰুলৈ যোৱাৰ কিছুদিনৰ পাছৰে পৰা পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

এই পৰ্যন্ত ব্যক্তিজনৰ সৈতে পৰিয়ালৰ কোনো সম্পৰ্ক হোৱা নাই। বেংগালুৰুত তেওঁ বৰ্তমান ক'ত আছে, কি পৰ্যায়ত আছে, বিপদত পৰিছে নেকি তাৰো কোনো খা-খবৰ নাই।

ইফালে সন্ধানহীন হৈ থকা আইখাম চেং শ্যামৰ বোৱাৰীয়েকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ১৪ জুলাই শুকুৰবাৰে ৰে'লত উঠা ব্যক্তিজন সোমবাৰে বেংগালুৰুত পোৱাৰ কথা আছিল যদিও সোমবাৰে তেওঁ বেংগালুৰুত উপস্থিত হোৱা নাই।

বেংগালুৰুতে কৰ্মৰত আইখাম চেং শ্যামৰ পত্নীৰ কাষলৈ যোৱা এই ব্যক্তিজন কিদৰে,ক'ত সন্ধানহীন হ'ল সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন ৰূপে থিয় দিছে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছে যদিও আৰক্ষীয়েও কোনো সম্ভেদ উলিয়াব পৰা নাই।

যাৰ বাবে চিন্তিত হৈ পৰিছে পৰিয়ালটোৰ প্ৰতিজন সদস্য। সেয়ে পৰিয়ালৰ লোকে এই ব্যক্তিজনৰ কোনো সম্ভেদ পালে ৭০০২৬৭১০৬৮ অথবা ৯৫০৮৮৪৬৩৫৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

বহিঃৰাজ্যলৈ গৈ সন্ধানহীন তিতাবৰৰ ব্যক্তি...
ৰাষ্ট্ৰীয় টাইকোৱাণ্ড প্ৰতিযোগিতাত তিতাবৰৰ ৩ খেলুৱৈৰ সোণৰ পদকঃ বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in