ৰাষ্ট্ৰীয় টাইকোৱাণ্ড প্ৰতিযোগিতাত তিতাবৰৰ ৩ খেলুৱৈৰ সোণৰ পদকঃ বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন...

ৰাষ্ট্ৰীয় টাইকোৱাণ্ড প্ৰতিযোগিতাত তিতাবৰৰ ৩ খেলুৱৈৰ সোণৰ পদকঃ বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন...

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় টাইকোৱাণ্ড প্ৰতিযোগিতাত তিতাবৰৰ ৩ খেলুৱৈৰ সোণৰ পদকঃ বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন...

ৰাষ্ট্ৰীয় টাইকোৱাণ্ড প্ৰতিযোগিতাত তিতাবৰৰ ৩ খেলুৱৈৰ সোণৰ পদকঃ বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন...

ডিজিটেল সংবাদ তিতাবৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা টাইকোৱাণ্ড প্ৰতিযোগিতাত তিনিটাকৈ সোণৰ পদক অৰ্জন কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তিতাবৰ ক্ৰীড়া টাইকোৱাণ্ড সন্থাৰ তিনিগৰাকীকৈ খেলুৱৈয়ে। উল্লেখ্য, নাচিকত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় টাইকোৱাণ্ড প্ৰতিযোগিতাত তিতাবৰ জিলা ক্ৰীড়া টাইকোৱাণ্ড সন্থাৰ পৰা নিৰ্বাচিত গৈ খেলাৰ সুযোগ লাব কৰিছিল তিতাবৰৰ ৬ জনকৈ খেলুৱৈয়ে।

Advertisment

ইয়াৰে ৩ খেলুৱৈ ক্ৰমে কৃষ্টিনা বৰা (১২)ৰীয়া কুৰ্মী (১৩) আৰু সূৰ্য কান্ত বাকটি (১৩) ই নিজ নিজ শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি আন এগৰাকী খেলুৱৈয়ে লাভ কৰিবলৈ সক্ষম হৈছে এটা ব্ৰঞ্জৰ পদক।

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত সোণৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই অনা এই প্ৰতিভাৱান খেলুৱৈ কেইজনক তিতাবৰৰ মাধপুৰত উষ্ম আদৰণি জনাই স্থানীয় ৰাইজে। ইফালে আগন্তুক বিশ্ব টাইকোৱাণ্ড চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে সূৰ্যকান্ত বাকটি নামৰ খেলুৱৈগৰাকীয়ে।

সেয়ে তেওঁকলৈ এতিয়া আশাবাদী তিতাবৰৰ ক্ৰীড়া প্ৰেমি ৰাইজ। তেওঁলোকে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দাঙি ধৰা প্ৰদৰ্শনৰ ধৰে একেই ধাৰাবাহিকতা বিস্ব চেম্পিয়নশ্বিত ৰক্ষা কৰিবলৈ পাৰিব বুলি আশা প্ৰকাশ কৰিছে জিলা ক্ৰীড় টাইকোৱাণ্ড সন্থাই।

Also Read: ২৯ আৰু ৩০ জুলাইত মণিপুৰলৈ বিৰোধী সাংসদৰ দলঃ গ্ৰহণ কৰিব এইসমূহ কাৰ্যসূচী...

তিতাবৰ টাইকোৱাণ্ড