গোলাঘাটৰ মৰঙীত অব্যাহত হাতী মানুহৰ সংঘাত...

গোলাঘাটৰ মৰঙীত অব্যাহত হাতী মানুহৰ সংঘাত...

ডিজিটেল সংবাদ, গোলাঘাট : হাতী-মানুহৰ সংঘাটত জুৰুলা চহা কৃষক ৷ উৰ্বৰা হাজাৰ হাজাৰ বিঘা খেতি মাটি চন পৰি ৰৈছে একমাত্ৰ হাতীৰ উপদ্ৰৱৰ বাবেই ৷ চৰকাৰে বিভিন্ন সমস্যা সমাধানৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে ৷ কিন্তু হাতী মানুহৰ সংঘাট, হাতীৰ উপদ্ৰৱ নিৰাময়ৰ বাবে লোৱা নাই বিশেষ আচঁনি ৷

এয়া বৃহত্তৰ মৰঙিৰ চহা কৃষকৰ মন্তব্য ৷ "চৰকাৰে কিবা এটা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা হাজাৰ হাজাৰ কৃষক পৰিয়ালক দিনক দিনে দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰিছে ৷ আমাক খেতি কৰিবৰ বাবে সুবিধা কৰি দিয়ক" বুলি চৰকাৰৰ প্ৰতি কৃষকৰ কাতৰ আহ্বান ৷

নুমলীগড় আৰু বৃহত্তৰ মৰঙি মৌজাত বছৰটোৰ প্ৰতি দিনেই বিভিন্ন গাঁৱত ভয়াৱহ ভাবে বৃদ্ধি পাইছে বন্যহাস্তীৰ সন্ত্ৰাস ৷ যাৰ ফলত খেতি বাতি কৰিবলৈ এৰিব লগা হৈছে চহা কৃষকে ৷ পথাৰত ফচল নাপাই হাতীয়ে গাঁৱৰ জনাঞ্চলত চলাইছে উপদ্ৰৱ ৷ ঘৰ-বাৰী তহিলং কৰি একপ্ৰকাৰ পৰিয়াল সমূহলৈ নমাই আনিছে দুৰ্বিসহ জীৱন ৷ বৃহস্পতিবাৰে নিশাৰ পৰা এইপৰ্যন্ত মৰঙিৰ গাঁৱৰ মাজত হাতীৰ উপদ্ৰৱত ত্ৰস্তমান হৈ পৰিছে গঞা ৷ সেয়েহে স্থানীয় ৰাইজে বন বিভাগ তথা চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবৰলৈ আহ্বান জনায়।

গোলাঘাটৰ মৰঙীত অব্যাহত হাতী মানুহৰ সংঘাত...
'কল্লোল বৰ্ষ'ত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক নগাঁৱৰ ৬০ টাকৈ প্ৰতিষ্ঠানৰ সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in