কেৰাচিন তেল ভৰ্তি টেংকাৰ দুৰ্ঘটনাঃ হাতে হাতে গেলন, বাল্টি লৈ ভিৰ একাংশৰ...

কেৰাচিন তেল ভৰ্তি টেংকাৰ দুৰ্ঘটনাঃ হাতে হাতে গেলন, বাল্টি লৈ ভিৰ একাংশৰ...

author-image
Asomiya Pratidin
New Update
কেৰাচিন তেল ভৰ্তি টেংকাৰ দুৰ্ঘটনাঃ হাতে হাতে গেলন, বাল্টি লৈ ভিৰ একাংশৰ...

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰত আজি কেৰাচিন তেলক লৈ মানুহৰ হেতা-ওপৰা । নাগালেণ্ডলৈ কেৰাচিন তেল কঢ়িয়াই নিয়া এখন টেংকাৰ তিতাবৰৰ কাছজান বামুণগাঁওত শুকুৰবাৰে দুৰ্ঘটনাত পতিত হৈ পথৰপৰা বাগৰি পৰে । আৰু দুৰ্ঘটনাৰ পিছতেই টেংকাৰেদি কেৰাচিন তেল নিগৰিবলৈ ধৰে।

পথছোৱাৰ নলাটোত কেৰাচিন তেল ভৰ্তি হৈ পৰাত স্থানীয় লোকসকলে হাতে-হাতে বটল, বাল্টিঙ, গেলন লৈ তেল সংগ্ৰহ কৰিবলৈ হেতা-ওপৰা লগায়। আৰক্ষীয়ে বাৰে বাৰে বাধা দিয়া সত্বেও তেওঁলোকৰ কোনো কথাৰ প্ৰতি ভ্ৰুক্ষেপ নাই।কেৱল তেল সংগ্ৰহ কৰাত ব্যস্ত একাংশ। স্থানীয় লোকৰ এনে হাবিয়াস দেখি সদাব্যস্ত ধোদৰ আলিয়েদি পাৰ হৈ যোৱা মানুহেও তবধ মানিছে ।

Also Read: আজিৰে পৰা পুনৰ চলাচল মাজুলীৰ ফেৰী সেৱা...

accident