তিতাবৰ ফুলবাৰীত মহিলা সন্ধানহীনৰ ঘটনা...

দুটি সন্তানক বুকুত লৈ উজাগৰি নিশা কটাইছে বুবুলে।

author-image
Asomiya Pratidin
New Update
তিতাবৰ ফুলবাৰীত মহিলা সন্ধানহীনৰ ঘটনা...

ডিজিটেল সংবাদ, যোৰহাটঃ তিতাবৰ ফুলবাৰীৰ এগৰাকী মহিলা সন্ধানহীন। যোৱা ১০ আগষ্ট, বৃহস্পতিবাৰৰ পৰাই সন্ধানহীন হৈ আছে পল্লৱী কোঁৱৰ নামৰ মহিলাগৰাকী। স্বামীয়ে জবকাৰ্ড কাম কৰি আহি ঘৰত পত্নীক নাপাই বিচাৰ-খুচাৰ কৰে যদিও বৰ্তমান পৰ্যন্ত শুং-সূত্ৰ নাই পল্লৱীৰ।

Advertisment

এই সন্দৰ্ভত মাধপুৰ আৰক্ষী থানাতো খবৰ দিলে স্বামী বুবুল হাজৰিকাই। পিছে সন্ধানহীন হৈ থকা পত্নীৰ খবৰ উলিয়াই দিয়াত অপৰাগ আৰক্ষীও। দুটি সন্তানক বুকুত লৈ উজাগৰি নিশা কটাইছে বুবুলে। কেইবাদিন ধৰি মাতৃ মৰমৰ পৰা বঞ্চিত হৈ পৰা দুই সন্তানেও মাকক বিচাৰি এতিয়া হাঁহাকাৰ কৰিছে ।

Also Read: শৃংখলা দখলৰ যুঁজত ভাৰত-ৱেষ্ট ইণ্ডিজ

Assam police