কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ 'শৈক্ষিক সভা'

কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ 'শৈক্ষিক সভা'

ডিজিটেল সংবাদ,‌ মঙলদৈঃ 'নিজৰ সন্তানৰ ভবিষ্যতক লৈ বহু অভিভাৱক বিভ্ৰান্ত হয়। কি বিষয় পঢ়িলে সন্তানে সেন্দুৰীয়া পথৰ সন্ধান পাব তাক সঠিকভাৱে নজনাৰ ফলত বহুতে ইস্পিত লক্ষ্যত উপনীত হ'ব নোৱাৰে। বহু অভিভাৱকে সন্তানক একঘেয়ামী পাঠ্যক্ৰমত নামভৰ্ত্তি কৰোৱাই দি পিছত হতাশাত ভোগে। এতিয়া আৰু হতাশাত প্ৰশ্ৰয় দিয়াৰ প্ৰয়োজন নাই, অসমতেই এনে কিছুমান পাঠ্যক্ৰম আছে, যি পাঠ্যক্ৰমৰ জৰিয়তে সেন্দুৰীয়া জীৱন গঢ়াৰ বহু পথৰ সন্ধান পাব।' - এই ভাষ্য তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ ভৱেশ নাথৰ।কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ উদ্যোগত দেওবাৰে মঙলদৈ ষ্টেডিয়ামত হোৱা শৈক্ষিক সভাত তেওঁ এইদৰে কয়।

সম্পাদক গণেশ দত্তই আঁতধৰা এই শৈক্ষিক সভাত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ চায়েঞ্চ এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক ড৹ ভৱেশ নাথে লগতে কয়, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন বিশ্ববিদ্যালয়ত বৰ্তমান বহু বৃত্তিমূলক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হৈছে। যিবোৰৰ বিষয়ে মোবাইলত অলপ খুচৰিলেই সকলো তথ্য পোৱা যায়। তেওঁ লগতে বিদেশী ভাষা অধ্যয়ন কৰিলে বিদেশতে নহয়, নিজ দেশতে বহু কৰ্মসংস্থান লাভ কৰিব পাৰি বুলি কয়।

কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ কাৰ্যকৰী সভাপতি মুকুল চন্দ্ৰ ডেকা, বিশিষ্ট সাহিত্যিক ডা৹ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, কৌপাটীৰ বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুঞ্জ দেৱী, অৱসৰপ্ৰাপ্ত শাৰিৰীক নিৰ্দেশক পুৰন্দৰ চমুৱা, আনোৱাৰ হুছেইন আদি উপস্থিত থকা এই শৈক্ষিক সভাৰ প্ৰাকমুহূৰ্তত দৰং জিলা মহিলা সমিতিৰ সম্পাদক মিৰণ দেৱীয়ে মুক্তিযোদ্ধা ৰত্নেশ্বৰ শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে।

পাঁচ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ 'দিব্য শক্তি' (দিব্যাংগ) শাখাত হাজৰিকাপাৰা গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ বাস্তৱ বৰাই শ্ৰেষ্ঠত্ব অৰ্জন কৰে। আনহাতে 'মৌ বৰষা' শাখাত মঙলদৈ ডনবক্স'ৰ নিলয় নাথ প্ৰথম, চপাই চানৰাইজ একাডেমীৰ ঋষি দাস দ্বিতীয়, মঙলদৈ কেন্দ্ৰীয় বিদ্যালয়ৰ হৰ্ষিতা শিৱম তৃতীয়, মঙলদৈৰ গুৰুকুল গ্ৰুপ অৱ ইডুকেচনেল উইঙৰ বলৰাম সাহা চতুৰ্থ, ডনবক্সৰ দীশান ডেকাই পঞ্চম স্থান আৰু ডনবক্সৰ বিভান চহৰীয়া, মঙলদৈ গ্লৰিয়াছ পাব্লিক স্কুলৰ মহাশ্বেতা দত্ত, দোসোঁতনী প্ৰাথমিক বিদ্যালয়ৰ লিজা কাশ্যপ নাথ, ২২৬ নং নগাঁও প্ৰাথমিক বিদ্যালয়ৰ মুকেশ ৰাজবংশী, ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ৰ অলকেশ ডেকাই নিচুকণি বঁটা লাভ কৰে।

'পখিলা শাখা'ত গুৱাহাটী ডনবক্স স্কুলৰ দৰ্শিল গোস্বামী প্ৰথম, ছিপাঝাৰ জাতীয় বিদ্যালয়ৰ পৰাণ পল্লৱ ডেকা দ্বিতীয়, মঙলদৈ কেন্দ্ৰীয় বিদ্যালয়ৰ জেকলিন প্ৰিয়া ডেকা তৃতীয়, মঙলদৈ নগৰ বালক নিম্ন বুনিয়াদী বিদ্যালয়ৰ তেজদ্বীপ দাস চতুৰ্থ, হলি চাইল্ড জুনিয়ৰ বিদ্যালয়ৰ হৰ্ষিতা ডেকাই পঞ্চম স্থান, আৰু পূব মঙলদৈ আদৰ্শ বিদ্যালয়ৰ সাক্ষী সাহা, ঢেকিয়াজুলি এচ টি উৰ্চলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰিয়াশ্ৰী দাসে নিচুকণি বঁটা লাভ কৰিছে। 'বতাহ' শাখাত মঙলদৈ কেন্দ্ৰীয় বিদ্যালয়ৰ ধৰিত্ৰী ডেকা প্ৰথম, মঙলদৈ ডনবক্সৰ জান্নাত খুচবু হুছেইন দ্বিতীয়, মঙলদৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ অনুৰাগ ডেকা তৃতীয়, নৰ্থ ইষ্ট একাডেমীৰ সঞ্চিতা দাস চতুৰ্থ আৰু মঙলদৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ অপৰাজিতা দত্তই পঞ্চম স্থান লাভ কৰে।

'বসন্ত' শাখাত মঙলদৈ কেন্দ্ৰীয় বিদ্যালয়ৰ ৰাজদীপ দাস প্ৰথম, টংলা অৰুণোদয় একাডেমীৰ বিভাস ৰাভা দ্বিতীয়, মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেঘ্না দেৱী তৃতীয়, আলিছা ৰহমান চতুৰ্থ আৰু আফ্ৰিন চুলতানা আহমেদে পঞ্চম স্থান লাভ কৰে। উল্লেখ্য যে, স্থানপ্ৰাপ্ত প্ৰতিযোগীক অহা ২৩ মাৰ্চ শণিবাৰে দিনৰ ১১ বজাত মঙলদৈ সনাতন ধৰ্মসভাৰ প্ৰেক্ষাগৃহত হ'বলগীয়া কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ সাধাৰণ সভাত বঁটা প্ৰদান কৰা হ'ব বুলি চিত্ৰাংকন প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সম্পাদক জয়প্ৰকাশ শৰ্মা আৰু পংকজ চহৰীয়াই জনাইছে।

কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ 'শৈক্ষিক সভা'
ভাৰত-ভূটান সীমান্তত ভয়ংকৰ অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in