তিতাবৰত সুৰাপায়ী চালকৰ তাণ্ডৱ

তিতাবৰত সুৰাপায়ী চালকৰ তাণ্ডৱ

author-image
Asomiya Pratidin
New Update
তিতাবৰত সুৰাপায়ী চালকৰ তাণ্ডৱ

ডিজিটেল সংবাদ,তিতাবৰ : তিতাবৰত সুৰাপায়ী চালকৰ তাণ্ডৱ । শনিবাৰৰ নিশা পৰিবহন বিভাগে চলোৱা তালাচীৰ মাজতে আৰক্ষীৰ সৈতে যুঁজ সুৰাপায়ী চালকৰ।

Advertisment

জানিব পৰামতে তিতাবৰ তিনিআলিৰ পৰা চাৰিআলি দিশে আহি থকা AS 03 V 9601 নম্বৰৰ এখন চুইফট বাহনৰ চালকে অত্যাধিক পৰিমানে সুৰা সেৱন কৰি আহিছিল ।পৰিবহন বিভাগৰ আৰক্ষীয়ে লোকজনক পৰীক্ষা কৰিবলৈ লোৱাৰ সময়তে সৃষ্টি হৈছিল হুলস্থুলীয়া পৰিবেশৰ।

সুৰাপায়ী লোকজনৰ বিৰুদ্ধে তিতাবৰ আৰক্ষী থানাত জিলা পৰিবহন বিষয়াই এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।

Also Read: তাম্ৰেশ্বৰী আইথান আৰু মা-মালিনী থানত ভক্তৰ ভিৰ

Assam police titabar