/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/77849645-cf2a-4c12-aa2f-2025bca86658/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰত নিশা ধুমুহাৰ তাণ্ডৱ। ধুমুহাৰ ফলত ৰাজপথৰ কেইবা ঠাইতো বাগৰি পৰে গছ তথা বিদ্যুতৰ খুঁটা। ধুমুহাৰ ফলত ঠায়ে ঠায়ে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাৰ লগতে বিদ্যুৎ যোগানও ব্যাহত হৈ পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/7a3fb401-2bd0-4bdb-932f-199316a7be7d/e69a996a_83b3_45fe_b398_063d6a208b74.jpg)
নিশা অহা ধুমুহা-বৰষুণজাকে তিতাবৰৰ লেটেকুজান বাঘৰচুক, চৈকতাকে, বগাৰ গাওঁ, জালুকনিবাৰী, কুণ্ডা গাঁৱকে ধৰি বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে। লেটেকুজানত ধোদৰ আলিৰ ওপৰত গছ উভালি পৰাত বিদ্যুতৰ তাঁৰ চিঙি তচনচ হোৱাৰ লগতে বিদ্যুৎ ব্যৱস্থা আৰু যাতায়ত ব্যাহত হৈ পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f4128831-2d3d-42bd-8362-c7f204e4fad1/a618f26a_f5aa_4c61_81ea_4c4178db57c6.jpg)
তদুপৰি লেটেকুজান চাহ বাগান প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই বিদ্যালয়খনৰো বিস্তৰ ক্ষতি কৰে। সমান্তৰালভাবে কেইবাটাও ঘৰৰ টিনপাত উৰুৱাই ঘৰৰ ওপৰত গছ বাগৰি পৰে অঞ্চলটোত। উৎকত গৰমৰ মাজতে অহা প্ৰবল ধুমুহা বৰষুণজাকৰ ফলত বহু লোকৰ বাৰীৰ বহু মূল্যবান গছ-গছনি, তামোল-পাণ, শাকনিবাৰী আদিও উচন হয়।
Also Read: এছিয়া কাপঃ নেপালৰ বিৰুদ্ধে জয় লাভ ভাৰতৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us