ডিজিটেল ডেস্কঃ ২৯ আৰু ৩০ জুলাইত দুদিনীয়া সূচীৰে মণিপুৰ ভ্ৰমণৰ বাবে সাজু হৈছে বিৰোধী মিত্ৰজোট INDIA ৰ এটা প্ৰতিনিধি দল। মুঠ ২৬ টা ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ INDIAৰ এই প্ৰতিনিধি দলটোত আছে মুঠ ২০ জন সদস্য।
উল্লেখ্য যে বিগত প্ৰায় ৩ মাহ ধৰি উত্তপ্ত হৈ থকা মণিপুৰলৈ এতিয়াও শান্তি অহা নাই। চলিত সংসদৰ বৰ্ষাকালীন অধিৱেশনত এই মুহূৰ্তলৈকে মণিপুৰ প্ৰসংগত উত্তাল হৈ আছে। বিৰোধীয়ে প্ৰধানমন্ত্ৰীয়ে সদনত মণিপুৰ প্ৰসংগত বক্তব্য ৰখাৰ দাবী কৰিছে যদিও প্ৰধানমন্ত্ৰীয়ে সেই দাবীক আওকাণ কৰাৰ বিপৰীতে গৃহমন্ত্ৰী অমিত শ্বাহেহে সংসদত মণিপুৰক লৈ আলোচনা কৰিব বুলি কৈছে।
যাৰ বাবে সংসদ প্ৰায় অচল হৈ আছে। আজি পুৱা ১১ বজাৰ পৰা পুনৰ সংসদৰ অধিৱেশন আৰম্ভ হয় যদিও প্ৰধানমন্ত্ৰীয়ে মণিপুৰ প্ৰসংগত ভাষণ আগবঢ়াবলৈ অস্বীকাৰ কৰাত পুনৰ সংসদ উত্তাল হৈ পৰে।
এই প্ৰসংগত কংগ্ৰেছ নেতা মণিকম ঠাকুৰে কয়, আমি বিচাৰিছিলো প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণ কৰক। কিন্তু তেওঁ সেয়া কৰা নাই। INDIA গোটৰ বৈঠকত সাংসদৰ এটা প্ৰতিনিধি দলে মণিপুৰ ভ্ৰমণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
২৯ জুলাইত এই প্ৰতিনিধি দলটো মণিপুৰলৈ ৰাওনা হ’ব। এই প্ৰতিনিধি দলৰ মূল উদ্দেশ্য হৈছে মণিপুৰৰ জনতাৰ দুখ, বেদনা, তেওঁলোকৰ যন্ত্ৰণাক বুজ লোৱা। উল্লেখ্য যে, এই প্ৰতিনিধি দলটোৱে মণিপুৰৰ আশ্ৰয় শিৱিৰ সমূহলৈ গৈ তাত আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ৰাজ্যখনৰ ৰাজ্যপালৰ সৈতেও আলোচনাত বহিব।
মণিপুৰ ভ্ৰমণ কৰিবলগীয়া এই দলটোত আছে কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰী, গৌৰৱ গগৈ, জে ডি ইউৰ ৰাজীৱ ৰঞ্জন (লালন) সিং, অনীল প্ৰসাদ হেগড়ে, তৃণমূল কংগ্ৰেছৰ সুস্মিতা দেৱ, ডি এম কেৰ কাণিমুঝি কৰুণাধি, চি পি আইৰ সন্দুশ কুমাৰ পি, চি পি আই (এম)ৰ এ এ ৰহিম, আৰ জে ডিৰ প্ৰফেচৰ মনোজ কুমাৰ ঝা, সমাজবাদী পাৰ্টীৰ যাদৱ আলী খান, জে এম এমৰ মহুৱা মাঝি, এন চি পিৰ পি পি মহম্মদ ফাইজল, আই ইউ এম এলৰ ই টি মহম্মদ বাছিৰ, আৰ এছ পিৰ এন কে প্ৰেমাচন্দ্ৰৰন, আম আদমী পাৰ্টীৰ সুশীল গুপ্তা, শিৱ সেনাৰ অৰবিন্দ শাৱন্ত, ভি চি কেৰ ডি ৰবিকুমাৰ, থল থিৰুমাভলাভান, আৰ এল ডিৰ জয়ন্ত সিং আৰু কংগ্ৰেছৰ ফুল দেৱী নেটাম।