এইবাৰ তিতাবৰৰ বেকাজান পঞ্চায়তত অনিয়ম...

তিতাবৰ বেকাজান পঞ্চায়তত অৰুণোদয় আঁচনিত হিতাধিকাৰী নিৰ্বাচনত ব্যাপক অনিয়ম; ৱাৰ্ড সদস্যৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ...
এইবাৰ তিতাবৰৰ বেকাজান পঞ্চায়তত অনিয়ম...

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰ সমষ্টিৰ বেকাজান পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত একাংশ মহিলাই সোমবাৰে এই দুৰ্নীতি আৰু অনিয়মৰ সন্দৰ্ভত তিতাবৰ উন্নয়ন খণ্ডৰ বিষয়া গৰাকীক লিখিতভাৱে অৱগত কৰাৰ লগতে মাধপুৰ পঞ্চায়তৰ বঞ্চিত ৰাইজৰ সৈতে লগ লাগি প্ৰতিবাদ সাব্যস্ত কৰে ।

বেকাজান পঞ্চায়তৰ মহিলাসকলে অভিযোগ কৰা মতে, এইবাৰ অৰুণোদয় আঁচনিৰ বাবে বেকাজান পঞ্চায়তৰ পৰা ২৮৪ গৰাকী হিতাধিকাৰী নিৰ্বাচন কৰি পঠাইছিল যদিও তাৰে মাত্ৰ ১৮১ গৰাকী নামহে অনুমোদন কৰে । ইয়াৰ ৬২ গৰাকী হিতাধিকাৰী তালিকাৰ পৰা নাম বাদ পৰে। আনহাতে বাচনিত নাম প্ৰেৰণ নকৰা বহু লোকৰ নাম অহাৰ বাবে সম্প্ৰতি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়।

জানিব পৰা মতে, বেকাজান পঞ্চায়তৰ অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী নাম তালিকা প্ৰস্তুত কৰাৰ সময়তে ব্যাপক অনিয়ম সংঘটিত হয়। পঞ্চায়তৰ প্ৰতিনিধিসকলে ৰাজহুৱা হিতাধিকাৰী নিৰ্বাচন নকৰাৰ ফলত পঞ্চায়তখনৰ দৰিদ্ৰ, বিধবা অবিবাহিত আৰু দিব্যাংগ লোক বঞ্চিত হ'ব লগা হয়। পঞ্চায়তখনৰ এনে অনিয়ম শেহতীয়াকৈ হিতাধিকাৰী বিপৰীতে শপতনামা স্বাক্ষৰ কৰা সময়তে পোহৰলৈ আহিছে।

আনহাতে বেকাজান পঞ্চায়তৰ ৫ নং ৱাৰ্ডত এগৰাকী জীৱিত ব্যক্তিক মৃত সজাই অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিছে । একেদৰে দুই ৱাৰ্ড সদস্যই এখন ফৰ্মত এহেজাৰ টকাকৈ ধন লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। সোমবাৰে বেকাজান পঞ্চায়তৰ মহিলাসকলে দৰিদ্ৰ বিধৱাৰ নাম হিতাধিকাৰী তালিকাত নহাত ৱাৰ্ড সদস্য বিৰুদ্ধে তিতাবৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত মুকলিকৈ অভিযোগ উত্থাপন কৰে।

ইফালে ৮ নং ৱাৰ্ডত বহু দৰিদ্ৰ ব্যক্তিৰ নাম নহাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। উল্লেখযোগ্য তিতাবৰ উন্নয়ন খণ্ডৰ দুৰ্বল ভূমিকাৰ গইনাৰে পঞ্চায়ত প্ৰতিনিধিসকলে স্বজন তোষণৰ আশ্ৰয় লৈ নিজৰ অঙহী-বঙহীৰ নাম সনিবিষ্ট কৰি এনে অনিয়ম সংঘটিত কৰিছে। কেৱল ইমানেই নহয়, বিগত ২০১৯ চনৰ পৰা ২০২৩ চনলৈ তিতাবৰ সমষ্টিৰ বেকাজান পঞ্চায়তত বিভিন্ন আঁচনি ৰূপায়ণত বিয়াগোম অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

এইবাৰ তিতাবৰৰ বেকাজান পঞ্চায়তত অনিয়ম...
উৎফুল্লিত ৰাজ্যবাসী : সাদিন-প্ৰতিদিন গোষ্ঠীলৈ শুভেচ্ছাৰ বৰষুণ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in