খৰিকটীয়া চাহ বাগিচাত বনৰীয়া হাতীৰ সন্ত্ৰাস

খৰিকটীয়া চাহ বাগিচাত বনৰীয়া হাতীৰ সন্ত্ৰাস

ডিজিটেল সংবাদ,তিতাবৰ : তিতাবৰত খৰিকটীয়া চাহ বাগিচাত বন্যহস্তীৰ সন্ত্ৰাস।হাতীৰ সন্ত্ৰাসত বাগিচাৰ শ্ৰমিকে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে ৷ ভুক্তভোগীৰ অভিযোগ যে,এই সন্দৰ্ভত কাণসাৰ নাই বন বিভাগৰ ৷

জানিব পৰামতে, প্ৰায় এমাহ ধৰি তিতাবৰ খৰিকটীয়া চাহ বাগিচাৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ জাকে সন্ত্ৰাস চলাই আছে ৷ বেলি ডুবি আন্ধাৰ হোৱাৰ লগে লগে বন্য হস্তীৰজাকটোৱে বাগিচাৰ শ্ৰমিকসকলৰ ঘৰ-দুৱাৰ ভাগি লণ্ড-ভণ্ড কৰে।

ইয়াৰোপৰি চাউল দাইল খোৱাৰ লগতে মূল্যৱান গছ-গছনি ভাগি বিস্তৰ ক্ষতি সাধন কৰিছে ৷ হাতীৰ ভয়ত নিশা উজাগৰে পথৰ দাঁতিত কটাবলগীয়া হৈছে বাগিচাৰ শ্ৰমিকসকলে ৷ বিদ্যালয়লৈ যাব পৰা নাই ছাত্ৰ-ছাত্ৰী। শনিবাৰে পুৱতি নিশাও পুৰণা লাইনত কেইবাটাও বাসগৃহৰ লগতে প্ৰায় ৮ জোপা নাৰিকল গছ লগতে বাঁহ গছ ভাঙি বিস্তৰ ক্ষতি কৰে ৷

খৰিকটীয়া চাহ বাগিচাত বনৰীয়া হাতীৰ সন্ত্ৰাস
তিতাবৰত যুৱ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in