তিতাবৰত যুৱ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

তিতাবৰত যুৱ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
তিতাবৰত যুৱ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

ডিজিটেল সংবাদ,তিতাবৰ : তিতাবৰত যুৱ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত যুৱ কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ অৰ্ধশতাধিক যুৱক- যুৱতীয়ে কংগ্ৰেছত যোগদান কৰে।

Advertisment

শনিবাৰে তিতাবৰত অনুষ্ঠিত হোৱা "লক্ষ্য এই যাত্ৰা সুদূৰ প্ৰসাৰি" যুৱ সমাৰোহ অনুষ্ঠানত ভালেকেইগৰাকী চাহ জনজাতিৰ যুৱক-যুৱতীয়ে যোগদান কৰে। এই অনুুষ্ঠানত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম আৰু সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা তত্বাৱধায়ক ড° স্মৃতিৰঞ্জন লেংকা উপস্থিতি থাকে।

যোগদান অনুষ্ঠান কাৰ্যসূচীৰ পৰাই আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তিতাবৰত অসম প্ৰদেশ যুৱ কংগ্ৰেছে ৰণডংকা বজাই বুলি নেতৃত্বই উল্লেখ কৰে। আজিৰে পৰা ৰাজ্যৰ প্ৰতিটো সমষ্টিতে কংগ্ৰেছৰ যোগদান কাৰ্যসূচী চলি থাকিব বুলি প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে ।

Also Read: এজন শিক্ষকে কৈ গ'ল বহু কথা, আছে বহু ব্যথা...

titabar youth congress