/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
ডিজিটেল ডেস্কঃ নিৰ্মিয়মান মাজুলী-যোৰহাট সংযোগী দলং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামৰ বাবে ব্যৱহৃত শিল,বালি পলস আদি কঢ়িয়াওৱা ডাম্পাৰৰ চালকৰ মইমতালিত অতিষ্ঠ টীয়কৰ জাঁজীমুখৰ সাধাৰণ জনতা । পুৱতি নিশাৰ পৰা নিশা পৰ্যন্ত নিৰ্মাণ সামগ্ৰী কঢ়িয়াওৱা ডাম্পাৰ সমূহে সৃষ্টি কৰিছে তীব্ৰ যানজঁটৰ।
ভকত গাঁৱৰ পৰা বেজৰছিগা পৰ্যন্ত অতি ঠেক পথচোৱাত অত্যাধিক ডাম্পাৰৰ চলাচলে তীব্ৰ যানজঁটৰ সৃষ্টি কৰাত বহু সময়ত সাধাৰণ ৰাইজে জীয়াতু ভুগিব লগা হয় । সোমবাৰে সন্ধিয়াও সৃষ্টি হয় তীব্ৰ যানজঁটৰ যত চিকিৎসালয়লৈ জৰুৰী ভাৱে অনান্য ৰোগীও পথত আৱদ্ধ হ'ব লগা হ'ল প্ৰায় এঘন্টাৰ অধিক সময় ।
ডাম্পাৰ সমূহৰ এনে দৌৰাত্মৰ পাছতো কি আৰক্ষী,কি বন বিভাগ কোনেও নাকী লগোৱাত ব্যৰ্থ হোৱাৰ অভিযোগ কৰিছে । দুয়োটা বিভাগৰ এনে চৰম ব্যৰ্থতাৰ আৰত ধনৰ লেনদেন থকাৰ অভিযোগ উত্থাপন হৈছে । এই পৰিৱেশৰ অৱসান ঘটোৱাত ব্যৰ্থ প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বিপৰীতে স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দিছে ।
উন্নয়নৰ প্ৰয়োজন কিন্তু সেই বুলি জনসাধাৰণক বন্ধকত থৈ বন আৰু আৰক্ষীৰ কৃপাধন্য ডাম্পাৰ সমূহৰ মালিক ,চালকৰ দৌৰাত্ম কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মতপোষণ কৰিছে জাঁজীমুখবাসীয়ে । লক্ষ্যণীয় এই যে অত্যাধিক বোজা কঢ়িয়াওৱা ডাম্পাৰ সমূহে জাঁজীমুখৰ মূল পথটোও বিধ্বস্ত কৰি পেলালে ।