/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/581da0d8-0cf2-4329-9166-766a364ac9d4/66.jpg)
ডিজিটেল সংবাদ, টীয়ক : পহিলা মাঘৰ গধূলি টীয়ক গুৱাল গাঁৱৰ ৰাইজে সমূহীয়াকৈ আয়োজন কৰিলে চুঙা চাউল খোৱা পৰ্ব। মাঘৰ পহিলা দিনা গধূলি একত্ৰিত হৈ চুঙা চাউল খোৱাৰ এক পৰম্পৰা গঢ়ি তুলিছে টীয়কৰ গুৱাল গাঁৱবাসীয়ে।
সেই পৰম্পৰা অক্ষুন্ন ৰাখি টীয়কৰ গুৱালগাঁৱৰ আগ আলিৰ আই থানৰ সমীপত ৰাইজ একত্ৰিত হৈ চুঙা চাউল খোৱা উৎসৱ আয়োজন কৰিলে। ঘৰে ঘৰে ন বৰা চাউল সংগ্ৰহ কৰি, জাঁজীমুখৰ এঠা দৈ, এৱা গাখীৰ আৰু দেৰগাঁৱৰ গুৰেৰে চুঙা চাউল খোৱাৰ ইচ্ছা প্ৰকাশ কৰি গাৱঁৰ যুৱকসকলৰ নেতৃত্বত এই অনুষ্ঠান গঢ় লৈ উঠিছে।
আবাল বৃদ্ধ বনিতা ওলাই আহি চুঙা পুৰাত ব্যস্ত হৈ পৰিছে। অসমীয়াৰ চহকী সংস্কৃতি তথা পৰম্পৰা যাতে নৱপ্ৰজন্মৰ মাজত চিৰ দিন অব্যাহত থাকে তাৰে আশা প্ৰকাশ কৰে। এই পৰম্পৰাই সকলোৰে মাজত একতা দুগুণে বঢ়াব বুলি আশা প্ৰকাশ কৰিছে।
Also Read: বসন্ত চিৰিং ফুকনলৈ 'অসম গৌৰৱ' বঁটা : তিতাবৰত আনন্দ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us