বৰহোলা মহাবিদ্যালয় চৌহদত ছাত্ৰক প্ৰহাৰ : বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী বীৰ লাচিত সেনাৰ

বৰহোলা মহাবিদ্যালয় চৌহদত ছাত্ৰক প্ৰহাৰ : বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী বীৰ লাচিত সেনাৰ

ডিজিটেল সংবাদ,বেকাজান : বৰহোলা মহাবিদ্যালয়ত মাৰপিটৰ ঘটনাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰামতে,মহাবিদ্যালয়খনৰ স্নাতক মহলাৰ ছাত্ৰ হেমন্ত বৰাক মহাবিদ্যালয়খনৰ চৌহদৰ ভিতৰত বিপ্লব সোণোৱাল নামৰ বাহিৰৰ যুৱকজনে শাৰীৰিকভাৱে প্ৰহাৰ কৰে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত হেমন্ত বৰাই বৰহোলা থানাত বিপ্লৱ সোণোৱাল নামৰ যুৱকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। জানিব পৰা মতে, মঙলবাৰে দুপৰীয়া হেমন্ত বৰাই ক্লাছ কৰি ওলাই অহাৰ সময়তে ‘লিডাৰ দেখাইছ’ বুলি কোনো কাৰণ নোহোৱাকৈ বিপ্লৱে শাৰীৰিকভাৱে আক্ৰমণ কৰে।

হেমন্ত বৰাই কোনো মতে নিজক ৰক্ষা কৰি কেইগৰাকীমান সতীৰ্থৰ সৈতে আহি বৰহোলা থানাত উপস্থিত হয় বুলি এজাহাৰত স্পষ্টকৈ উল্লেখ কৰিছে। আক্ৰমণৰ ঘটনাৰ সাক্ষী হিচাপে এজাহাৰখনত বৰহোলা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি বিকিৰণ শ‍ইকীয়া, সাধাৰণ সম্পাদক প্ৰকাশজ্যোতি দাস আৰু চানু বৰাই স্বাক্ষৰ কৰিছে।

উল্লেখ্য যে হেমন্ত বৰা এগৰাকী বীৰ লাচিত সেনাৰ সদস্য আছিল বুলি জানিব পৰা গৈছে। সতীৰ্থগৰাকীক মহাবিদ্যালয়খনৰ ভিতৰতে এনেদৰে প্ৰহাৰ কৰা ঘটনাত সংগঠনটোৰ তিতাবৰ আঞ্চলিক সমিতিয়ে তীব্র ক্ষোভ প্রকাশ কৰিছে।

সংগঠনটোৱে দোষীক শীঘ্ৰে কৰায়ত্ত্ব কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। ইফালে বুধবাৰে পুনৰ বৰহোলাৰ মহাবিদ্যালয় ছাত্র- ছাত্ৰীসকলে দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত বৰহোলা থানাত উপস্থিত হয় ।

বৰহোলা মহাবিদ্যালয় চৌহদত ছাত্ৰক প্ৰহাৰ : বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী বীৰ লাচিত সেনাৰ
বাহিৰ চৰণচুক প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in