/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/fb430705-b6be-4150-b088-79180ba003ff/school.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : শিক্ষা বিভাগৰ এক অবিবেচকী নীতিৰ বিৰুদ্ধে এইবাৰ ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত হৈছে ঢকুৱাখনাত। কণ কণ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতকলৈ নিৰ্লজ হেতালি খেলা শিক্ষা বিভাগৰ এক দায়িত্বহীন পদক্ষেপৰ বিৰুদ্ধে সৰৱ হৈছে ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত অভিভাৱক আৰু ৰাইজ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c9945642-6acf-409b-8cbd-e1472877d475/1269cfc8_0f99_4fb8_a57f_ae231e953607.jpg)
ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত খেৰকটা এক্সটেঞ্চন-২ ৰ অধীনৰ বাহিৰ চৰণচুক প্ৰাথমিক বিদ্যালয়খনক অন্য এখন বিদ্যালয়ৰ লগত একত্ৰিতকৰণ কৰাক লৈ সূত্ৰপাত ঘটিছে ৰাজহুৱা প্ৰতিবাদৰ। বুধবাৰে দুপৰীয়া বৃহত্তৰ উজনি জামুগুৰি আৰু হালধিগৰা গাঁৱৰ ৰাইজ আৰু অভিভাৱকসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/70e9c00e-d3b7-49f1-966b-a780df3e23f7/187ccffc_32ab_4672_96a0_8cb933c84341.jpg)
শিক্ষা বিভাগে অবিবেচকী নীতি আৰু বিদ্যালয় সংলগ্নকৰণ নীতি জলাঞ্জলি দি দুয়োখন গাঁৱৰ মাজত অৱস্থিত একমাত্ৰ চৰকাৰী শিক্ষানুষ্ঠানখন প্ৰায় ডেৰ-দুই কিলোমিটাৰ দূৰৈৰ মিচিং কনেং মধ্য ইংৰাজী বিদ্যালয়ত সংলগ্ন কৰিছে। প্ৰাক প্ৰাথমিক শ্ৰেণী বাদ দি প্ৰায় ৪০ গৰাকী ছাত্ৰ ছাত্ৰী থকা এই ২০০৪ চনতে প্ৰতিষ্ঠা হোৱা বাহিৰ চৰণচুক প্ৰাথমিক বিদ্যালয়খনক পৰ্যাপ্ত আন্তঃগাঁঠনি উপলব্ধ হোৱা সত্বেও ন্যূনতম আন্তঃগাঁথনি আৰু কেইজনমান শিক্ষাৰ্থী থকা মিচিং কনেং মধ্য ইংৰাজী বিদ্যালয়ত সংলগ্ন কৰা শিক্ষা বিভাগৰ টোঘলকী নিৰ্দেশ মানি নোলোৱাৰ ঐক্যবদ্ধ সকীয়নী দি ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/d1414675-1761-4455-b91a-b819e1cef941/95247118_51fe_4331_ad5d_6d4f1b675d72.jpg)
বিদ্যালয় প্ৰাংগণত অভিভাৱক ,মাতৃ গোট ,বিদ্যালয় পৰিচালনা সমিতি আৰু ৰাইজ দুপৰীয়া উপস্থিত হৈ বিভিন্ন শ্ল'গানৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। শিক্ষা বিভাগৰ অবিবেচকী সংলগ্নকৰণ নিৰ্দেশ মানি লোৱা নহ'ব, শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতক লৈ হেতালি নেখেলিব, বাহিৰ চৰণচুক প্ৰাথমিক বিদ্যালয়ক পূৰ্বৰ স্থানতে থাকিবলৈ দিয়ক, মিচিং কনেং মধ্য ইংৰাজী বিদ্যালয়ত সংলগ্নকৰণ কৰা নিৰ্দেশ বাতিল কৰক, শিক্ষা মন্ত্ৰী মুখ্যমন্ত্ৰীয়ে এই বিষয়ত গুৰুত্ব দিয়ক আদি শ্লোগান দি বিদ্যালয় প্ৰাংগণ উত্তাল কৰি তোলে।
অভিযোগ অনুসৰি বাট-পথৰ দুৰৱস্থা অতিক্ৰম কৰি কিতাপৰ বোজা লৈ ডেৰ দুই কিলোমিটাৰ দূৰৈৰ মিচিং কনেং মধ্য ইংৰাজী বিদ্যালয়ত অঞ্চলটোৰ শিক্ষাৰ্থী সকলৰ বাবে শিক্ষা গ্ৰহণ কৰা অসম্ভৱ। তাৰোপৰি ডেৰ কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাত এখনো বিদ্যালয় নথকাৰ সত্বেও কি যুক্তিত বিদ্যালয়খন স্থানান্তৰ কৰা হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে।
প্ৰতিবাদকাৰীসকলে কয় যে,কোনো কাৰণতে এই বিদ্যালয়খনৰ একত্রিতকৰণ মানি লোৱা নহ'ব বুলি সকীয়াই দিয়ে চৰকাৰ আৰু শিক্ষা বিভাগক। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দুলেশ্বৰ দলে আৰু প্ৰতিবাদী ৰাইজে বিগত এটা পষেক ধৰি একত্রিতকৰণ কৰা বিদ্যালয়খনলৈ প্ৰেৰণ নকৰি পূৰ্বৰ বিদ্যালয়তে অংগনৱাদী কৰ্মীৰ জৰিয়তে পাঠদান চলাই অহা বুলি জানিবলৈ দিয়ে।
প্ৰতিবাদী ৰাইজে মুখ্যমন্ত্ৰী,শিক্ষামন্ত্ৰী,লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া,ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক এই হঠকাৰী নিৰ্দেশ বাতিল কৰি পুনৰ পৰ্যালোচনা কৰি পূৰ্বৰ স্থানতে শিক্ষাদান কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে বাহিৰ চৰণচুক প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষক শ্যামন্ত হাজৰিকাই পহিলা আগষ্টত চৰকাৰী নিৰ্দেশ মানি মিচিং কনেং মধ্য ইংৰাজী বিদ্যালয়ত যোগদান কৰাত শিক্ষাৰ্থীসকল শিক্ষক বিহীন হোৱাত অংগনৱাড়ী কৰ্মীসকলে নিয়মীয়াকৈ পাঠদান কৰি আহিছে ।
ৰাইজ তথা অভিভাৱকসকলে কোনো কাৰণতে উক্ত বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণ নকৰাৰ ঐক্যবদ্ধ সিদ্ধান্ত লোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱন ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে।
Also Read: ভূমধ্য সাগৰত জাহাজ ডুবি সন্ধানহীন ভালেসংখ্যক যাত্ৰী