অসম ফুটবল সন্থাৰ 'বি' মণ্ডলৰ ১৬ বছৰ অনুৰ্ধ্ব খেলুৱৈ বাচনি শিবিৰ সম্পন্ন

অসম ফুটবল সন্থাৰ 'বি' মণ্ডলৰ ১৬ বছৰ অনুৰ্ধ্ব খেলুৱৈ বাচনি শিবিৰ সম্পন্ন

author-image
Asomiya Pratidin
New Update
অসম ফুটবল সন্থাৰ 'বি' মণ্ডলৰ ১৬ বছৰ অনুৰ্ধ্ব খেলুৱৈ বাচনি শিবিৰ সম্পন্ন

ডিজিটেল সংবাদ, যোৰহাট: দেওবাৰে যোৰহাট ষ্টেডিয়ামত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ১৬ বছৰ অনুৰ্ধ্ব ড০ বি চি ৰয় আন্ত:ৰাজ্যিক ফুটবল প্ৰতিযোগিতাৰ বাবে অসম ফুটবল দল গঠনৰ অংশ হিচাপে বাচনি শিবিৰ অনুষ্ঠিত হয়। আজি 'বি' মণ্ডলৰ সাতখন জিলা ক্ৰীড়া সন্থাৰ ল'ৰা-ছোৱালী উভয় শাখাৰ প্ৰায় দুই শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে এই বাচনি শিবিৰত।

Advertisment

আজি বাচনি শিবিৰটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম ফুটবল সন্থাৰ উপ-সভাপতি শান্তনু পূজাৰীয়ে। 'বি' মণ্ডলৰ আহ্বায়ক শৰৎ হাজৰিকাই আঁতধৰা অনুষ্ঠানত অসম ফুটবল সন্থাৰ উপ-সভাপতি অজয় ভৰালী, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ চেয়াৰমেন ললিত বৰা, যুটীয়া সম্পাদক বিমান বুঢ়াগোহাঁই আৰু শিৱসাগৰ, মাজুলী, যোৰহাট, বোকাখাট, গোলাঘাট, ধনশিৰি, তিতাবৰ ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক সকলৰ উপস্থিতিত নিৰ্বাচক হিচাপে উপস্থিত থাকে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ হেৰল্ড চাংমা, নবীন বৰা আৰু এফ চি চি লাইচেন্স প্ৰাপ্ত চিন্ময় বৰা।

পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈকে অনুষ্ঠিত কৰা বাচনি শিবিৰটোত ১৬ বছৰ অনুৰ্ধ্ব ল'ৰাৰ ১৮ জন আৰু ছোৱালীৰ ১৬ গৰাকী খেলুৱৈ নিবাৰ্চকমণ্ডলীয়ে নিৰ্বাচিত কৰে।

বাচনি কৰা ল'ৰা খেলুৱৈ সকল হ'ল ক্ৰমে কুশল দলে, কল্যাণজ্যাতি বৰগোহাঁই, দিব্যজ্যাতি বুঢ়াগোহাঁই আৰু নিবিৰ শইকীয়া (শিৱসাগৰ)। শৰৎ মাল, মৃন্ময় গগৈ আৰু মৃণ্ময় মেছ (যোৰহাট)। আকাশ গুৰুং, জাইড ৰহমান, ষ্টেন্ডবাই আমিনুল আহমেদ, আব্দুল ৰফি আৰু জয়দ্বীপ নাগবংশী (গোলাঘাট)। এন গামলিং মেং চাংচন, লংকচাৰি লেকথে, ৰোহন চেত্ৰী, শুক্ৰ ওৰাং, ওৱাকচন ক্ৰু আৰু ষ্টাৰ উইন চানচে (বোকাখাট)। আনহাতে ১৬ বছৰ অনুৰ্ধ্বৰ নিৰ্বাচিত ছোৱালী সকল হ'ল ক্ৰমে হনি তুৰি, সংগীতা গড়, হিমাশ্ৰী বাঢ়ৈ, ডলি গগৈ, ষ্টেন্ডবাই মুজাফজ খনম, পৰী চাবোকধৰা, কাকলি গগৈ, নাজমা বেগম আৰু অঞ্জলি বাচফৰ (যোৰহাট)। অমৃতা তাঁতী, পুৰ্নিমা ঘাটোৱাল, দিপাচা কৰ্মকাৰ, পূজা ওৰাং আৰু অসীমা তাঁতী (বোকাখাট)। প্ৰতিভা ৰাভা (ধনশিৰি) আৰু শৰ্মিলা দেউৰী (শিৱসাগৰ)।

পৰবৰ্তী মূল অসম ফুটবল দলৰ বাচনি শিবিৰলৈ উক্ত খেলুৱৈ সকলে আমন্ত্ৰণ লাভ কৰিব বুলি 'বি' মণ্ডলৰ চেয়াৰমেন শান্তনু পূজাৰী আৰু আহ্বায়ক শৰৎ হাজৰিকাই সংবাদ মাধ্যমক আগত ব্যক্ত কৰিছে।

Also Read: বন্ধুৰ সতে গা ধুবলৈ যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ

sports