বন্ধুৰ সতে গা ধুবলৈ যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ

চেইণ্ট এননচ কলেজৰ (St. Anns College) উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ তথা চিৰাং জিলাৰ কয়লাময়লাৰ হাতিমাৰা নিৱাসী সানশ্ৰাং নাৰ্জাৰীৰ মৃতদেহ উদ্ধাৰ।

author-image
Asomiya Pratidin
New Update
বন্ধুৰ সতে গা ধুবলৈ যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ- কোকৰাঝাৰ জিলাৰ বালাগাঁওস্থিত চেইণ্ট এননচ কলেজৰ (St. Anns College) উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ তথা চিৰাং জিলাৰ কয়লাময়লাৰ হাতিমাৰা নিৱাসী সানশ্ৰাং নাৰ্জাৰীৰ মৃতদেহ উদ্ধাৰ। শনিবাৰে গৌৰাং নদীত সলিল সমাধি ঘটে যুৱকজনৰ ।

Advertisment

চেইণ্ট এননচ কলেজৰ কাষতে থকা হোষ্টেলত থাকি অধ্যায়ন কৰা অমায়িক সানশ্ৰাং নাৰ্জাৰীৰ মৃতদেহ দেওবাৰে নিকটৰ গৌৰাং নদীৰ কাষৰ পৰা উদ্ধাৰ কৰা হৈছে। সতীৰ্থৰ সতে গা ধুবলৈ গৈ সলিল সমাধি ঘটা সানশ্ৰাং নাৰ্জাৰীৰ মৃত্যু প্ৰকৃততে হত্যাকাণ্ড বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে।

প্ৰাপ্ত বাতৰি মতে কালি সানশ্ৰাং নাৰ্জাৰীক লৈ ৭ গৰাকী সতীৰ্থই কালি গৌৰাং নদীত গা ধুবলৈ গৈছিল । কিন্তু ৭ জন সতীৰ্থ উভতি আহে যদিও সানশ্ৰাং উভতি নাহিল । হোষ্টেললৈ উভতি আহি সতীৰ্থ সকলে প্ৰথমে কথাটো গোপনে ৰাখিবলৈ চেষ্টা কৰে যদিও পিছত সকলো কথা ওলাই পৰে ।

তাৰপাছতে নিশা ১১ মান বজাত হোষ্টেল কৰ্তৃপক্ষই পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে অৱগত কৰায় । সানশ্ৰাং নাৰ্জাৰীৰ মাতৃ ৰুফলা নাৰ্জাৰীয়ে অভিযোগ কৰা মতে তেওঁ কালি দিনৰ ভাগতে বহুবাৰ ল'ৰাৰ সতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও সক্ষম হোৱা নাছিল ।

যোগাযোগত ব্যৰ্থ হৈ তেওঁৰ ল'ৰাৰ সতে যোগাযোগ কৰি দিবলৈ ফাদাৰক অনুৰোধ কৰিছিল যদিও ফাদাৰে সেয়া কৰা নাছিল । অৱশেষত নিশা ১১ বজাত হে ফাদাৰে তেওঁলোকক অৱগত কৰে আৰু দেওবাৰে পুৱাই হোষ্টেলত উপস্থিত হয় পৰিয়ালৰ সদস্যসকল ।

ইপিনে আজি পুৱাই স্থানীয় ৰাইজে যুৱকজনৰ মৃতদেহটো গৌৰাং নদীৰ মাজৰ পৰা উদ্ধাৰ কৰি পাৰলৈ তুলি আনে । মৃতদেহৰ কাণ আৰু নাকেৰে তেজ নিগৰি অহালৈ চাই পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ড বুলি দাবী কৰিছে ।

পিছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতেই প্ৰকৃত তথ্য বাহিৰ হ'ব বুলি আশা প্ৰকাশ কৰিছে । তদুপৰি আৰক্ষীয়ে ঘটনাৰ প্ৰকৃত তথ্য বাহিৰ কৰিবলৈ মৃত সানশ্ৰাং নাৰ্জাৰীৰ ৭ গৰাকী সতীৰ্থক বৰ্তমান সোধপোছ কৰি আছে।

ইপিনে ক্ষুব্ধ ৰাইজে সানশ্ৰাং নাৰ্জাৰী থকা হোষ্টেল কৰ্তৃপক্ষৰ ওপৰত অৱহেলাৰ অভিযোগ তুলি হোষ্টেলৰ বিভিন্ন আচবাব, ফুলৰ টাব, গ্ৰিল, খিৰিকীৰ আইনা আদি ভাঙি ক্ষতিসাধন কৰিছে ।

Also Read: নিচাযুক্ত দ্ৰব্য সেৱন কৰাই কিশোৰীক দলবদ্ধ ধৰ্ষণ, আটক ৩

Assam police