/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/dd7a7390-48c2-4fb3-83fa-9bd976d19c43/441.jpg)
ডিজিটেল সংবাদ,তিতাবৰ : তিতাবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ৰাংচালি মধ্য ইংৰাজী বিদ্যালয়ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰা হয়। ৰাংচালি মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে টাইৰাকুৰি প্ৰাথমিক, চেৰেলী কছাৰী প্ৰাথমিক, ক'লাপানী চৰকাৰী এ ক্লাছ নিম্ন বুনিয়াদী আৰু চেৰেলী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহযোগত সফলতাৰে সামৰণি পৰে ক্ৰীড়া সমাৰোহখনিৰ।
৫খন বিদ্যালয়ৰ কেইবাশতাধিক ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন খেল, শোভাযাত্ৰা, শৈক্ষিক প্ৰতিযোগিতা, সাংস্কৃতিক কাৰ্যসূচী আদিৰে মুখৰিত হৈ পৰে ৰাংচালি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰ। শেষৰ দিনটোত অৱসৰপ্ৰাপ্ত শিক্ষক শশীকান্ত চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে তিতাবৰৰ ডায়েটৰ প্ৰৱক্তা নেত্ৰ গগৈ, মাধপুৰ শৈক্ষিক মণ্ডলৰ চি আৰ চি চি-শিক্ষক প্ৰানজিত বৰকাকতি, বৰহোলা সাংবাদিক সন্থাৰ সম্পাদক অজয় শইকীয়া, সমাজকৰ্মী ৰাজু শইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ৰাংচালি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিৎ বৰাৰ লগতে প্ৰতিখন বন্ধু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে সক্ৰিয়ভাৱে উপস্থিত থাকি প্ৰতিটো কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়। অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে সকলোকে প্ৰধান শিক্ষক দেৱজিৎ বৰাই কৃতজ্ঞতা জ্ঞাপন কৰে।